এবছৰৰ বিৰতিত পুনৰ উচ্চতম ন্যায়ালয়ত খোল খাবলৈ লৈছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ ফাইল । ইতিমধ্যে শুনানিৰ বাবে তালিকাভুক্ত হৈছে এই সম্পৰ্কীয় আবেদন । এনআৰচিখন পুনৰীক্ষণ কৰা হ’বনে নহয় সেই বিষয়টো এইবাৰ উচ্চতম ন্যায়ালয়ৰ মজিয়াত নিৰ্ণয় কৰা হ’ব । উল্লেখ্য যে বিগত ২০১৯ৰ পৰা ৩১ জুলাইত ১৯ লাখ লোকৰ নাম কৰ্তনেৰে চূড়ান্ত এনআৰচি প্ৰকাশ পাইছিল; কিন্তু এই পৰ্যন্ত চৰকাৰে এনআৰচিখন গ্ৰহণ কৰা নাই । তাৰ পৰিৱৰ্তে অসম চৰকাৰে পুনৰীক্ষণৰ দাবী জনাই আহিছে ।
ইপিনে, এনআৰচিৰ অসমৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাইও পুনৰীক্ষণৰ আবেদন দাখিল কৰিছে । চৰকাৰে দাখিল কৰা আবেদনত বাংলাদেশৰ সীমাত সংলগ্ন হৈ থকা অসমৰ জিলাকেইখনৰ এনআৰচিত অন্তৰ্ভুক্ত হোৱা নামবোৰৰ ২০ শতাংশ আৰু অন্য জিলাৰ ১০ শতাংশ নাম নমুনা ভিত্তিত পৰীক্ষা কৰাৰ উল্লেখ কৰা হৈছে । আনহাতে, ৰাজ্যত এনআৰচি প্ৰস্তুতত আইনী ব্যৱস্থাৰ অগ্ৰণী ভূমিকা লোৱা অসম পাব্লিক ৱৰ্কছে চূড়ান্ত এনআৰচিখনৰ এশ শতাংশ পুনৰীক্ষণৰ দাবী জনাই আবেদন দাখিল কৰিছে । ইপিনে, এনআৰচিৰ ৰাজ্যিক সমন্বয়কৰ পৰাও দাখিল কৰা আবেদনত এশ শতাংশ পুনৰীক্ষণ বিচৰা হৈছে । ইতিমধ্যে পোহৰলৈ অহা বিভিন্ন বিসংগতিৰ ভিত্তিতে সম্পূৰ্ণ পুনৰীক্ষণ বিচৰিছে এনআৰচিৰ ৰাজ্যিক সমন্বয়কে ।
উচ্চতম ন্যায়ালয়ত অৱশ্যে অসম পাব্লিক ৱৰ্কছৰ আবেদনখনহে সম্প্ৰতি তালিকাভুক্ত হৈছে । অৱশ্যে ইয়াৰ পূৰ্বেও একেটা গোচৰতে আন আন গোচৰবোৰ সাঙুৰি বিচাৰ প্ৰক্ৰিয়া আগবঢ়োৱা হৈছিল । উল্লেখ্য যে ২০২০ৰ ১৯ জুনত শেষবাৰৰ বাবে এনআৰচিৰ বিষয়টো উচ্চতম ন্যায়ালয়ত উত্থাপন হৈছিল । তাৰ পাছত দীৰ্ঘদিনীয়া বিৰতিত আকৌ এবাৰ স্পৰ্শকাতৰ বিষয়টো উচ্চতম ন্যায়ালয়ত শুনানিৰ বাবে আগবাঢ়িছে ।
অৱশ্যে পুনৰীক্ষণৰ দাবীৰ যি আবেদন এইবাৰ দাখিল হৈছে তাৰ বিৰোধিতাও একাংশ দল-সংগঠনে কৰিছে । সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উপদেষ্টা আইনুদ্দিন আহমেদে কয় যে উচ্চতম ন্যায়ালয়ৰ পৰ্যৱেক্ষণত চূড়ান্ত এনআৰচি প্ৰকাশৰ পাছত পুনৰীক্ষণৰ প্ৰসংগ আহিবই নোৱাৰে । আহমেদে কয়, ‘আমাৰ দাবী হ’ল চূড়ান্ত এনআৰচিত নাম অন্তৰ্ভুক্ত হোৱা সকলোকে শীঘ্ৰে পৰিচয়পত্ৰ দিব লাগে । তাৰ লগতে নাম বাদ পৰাসকলক শীঘ্ৰে কিয় তেওঁলোকৰ নাম বাদ পৰিছে সেই কাৰণ অৱগত কৰি পত্ৰ দিব লাগে ।’