গোসাঁইগাঁৱৰ ভাওৰাগুৰিত প্ৰশাসনৰ উদ‍্যাগত ক’ভিড পৰীক্ষাৰ ব‍্যৱস্থা

WhatsApp Image 2021 07 08 at 7.03.52 PM

ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গোসাঁইগাঁও মহকুমা প্ৰশাসনে পৰ্যায়ক্ৰমে ভাওৰাগুৰি দোকানৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীসকলৰ ক’ভিড পৰীক্ষাৰ ব‍্যৱস্থা কৰিছে । মহকুমা প্ৰশাসনৰ উদ‍্যাগত আৰু ভাওৰাগুৰি ভিচিডিচিৰ অধ‍্যক্ষ পাৰ্থ পাল, উপ-অধ‍্যক্ষ মফিদুল ইছলামৰ সহযোগত এটি স্বাস্থ্য কৰ্মীৰ দলে ভাওৰাগুৰি এম ই স্কুলত ৰাতিপুৱাৰ পৰা ক’ভিড পৰীক্ষা কৰে। মুঠ ১৩৬ জনৰ ক’ভিড পৰীক্ষণ কৰা হয়, ইয়াৰে এজনৰ শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পৰে ।

সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত ভাওৰাগুৰিৰ ভিচিডিচিৰ অধ‍্যক্ষ পাৰ্থ পালে ৰাইজক ক’ভিড পৰীক্ষা কৰাৰ লগতে সামাজিক দূৰত্ব, মাস্ক পৰিধান কৰিবৰ বাবে আহ্বান জনায় ।

Exit mobile version