দোতমা ৰাজহচক্রত নতুনকৈ যোগদান কৰা চক্র বিষয়াক দোতমা প্ৰেছ ক্লাবৰ সম্বৰ্দ্ধনা

WhatsApp Image 2021 07 08 at 7.10.01 PM

কোকৰাঝাৰ জিলাৰ অধীনত দোতমা ৰাজহচক্রত চক্র বিষয়া হিচাপে নতুনকৈ যোগদান কৰা অস্মিতা ৰেখা বৰাক আজি দোতমা প্ৰেছ ক্লাবে ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে । আজিৰ সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকে দোতমা প্ৰেছ ক্লাবৰ সভাপতি কৃষ্ণ বৰ্মন, সাধাৰণ সম্পাদক ৰমেশ কুমাৰ মিশ্রা আৰু সহঃ সম্পাদক ধনকেশ বৰ্মন।

সম্বৰ্দ্ধনা গ্ৰহণ কৰি নতুনকৈ যোগদান কৰা চক্র বিষয়া অস্মিতা ৰেখা বৰাই কয় যে সাংবাদিকসকল যিহেতু গণতন্ত্রৰ চতুর্থ স্তম্ভ সেয়ে প্ৰশাসন আৰু সংবাদমাধ্যমৰ সহযোগত দোতমা অঞ্চলৰ ৰাইজৰ যিকোনো সমস্যা সমাধান কৰাৰ বাবে কাম কৰিব আৰু সংবাদমাধ্যমৰ পৰাও পূর্ণ সহযোগিতা বিচাৰিছে ।

ইপিনে দোতমা প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰমেশ কুমাৰ মিশ্রাই সম্বৰ্দ্ধনা জ্ঞাপন কৰি কয় যে এনেকুৱা সজাগ আৰু সক্রিয় বিষয়াই যদি দায়িত্বসহকাৰে কাম কৰে ৰাইজৰো বহুতো উপকাৰ সাধন হ’ব বুলি আশা ব্যক্ত কৰে । লগতে সাধাৰণ সম্পাদকজনে আৰু কয় যে ৰাজ্যৰ ৰাজহচক্রসমূহত এনেকুৱা বিষয়াৰ প্ৰয়োজন আছে বুলিও প্ৰকাশ কৰে ।

Exit mobile version