হংকঙত এইবাৰ স্কুলীয়া ছাত্ৰকো আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰঃ ব্যাপক প্ৰতিক্ৰিয়া

Screenshot 48

চীনৰ কমিউনিষ্ট পাৰ্টিৰ শতবৰ্ষ উপলক্ষে দেশখনৰ শীৰ্ষ নেতাই দেশজুৰি কমিউনিষ্ট আদৰ্শৰ জয়গান গাইছে । পশ্চিম বিশ্বৰ সন্মুখত কমিউনিষ্ট দলে নিজৰ উদাৰতা, আদৰ্শবাদী ভাৱমূৰ্তি দাঙি ধৰিবলৈকো চেষ্টা চলাইছিল । কিন্তু এনে সময়তে চীনৰ দখলত থকা হংকঙত স্থানীয় প্ৰশাসক কেৰি লামে হংকঙৰ গণতন্ত্ৰপ্ৰেমী আন্দোলনক টেটু চেপা দিবলৈ আগবাঢ়ি আহিল ।

বিগত কে’বামাহ ধৰি হংকঙত গণতান্ত্ৰিক শাসন প্ৰৱৰ্তন আৰু চীনৰ হস্তক্ষেপ হ্ৰাস কৰাৰ দাবীৰে গণতন্ত্ৰপ্ৰেমীয়ে আন্দোলন অব্যাহত ৰাখিছে । চীনৰ নিৰ্দেশত হংকঙৰ স্থানীয় প্ৰশাসনে এনে আন্দোলনত অংশ লোৱা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে দমনমূলক ব্যৱস্থা গ্ৰহণ কৰি আহিছে । হংকং আৰক্ষীয়ে শেহতীয়াভাৱে পুনৰ গ্ৰেপ্তাৰ কৰিলে নজন আন্দোলনকাৰীক ।

চহৰত বোমা বিস্ফোৰণৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগত হংকং আৰক্ষীয়ে এই লোককেইজনক গ্ৰেপ্তাৰ কৰিছে । উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা নজন লোকৰ ছজনেই হৈছে স্কুলৰ ছাত্ৰ ।

হংকং আৰক্ষীয়ে এইদৰে স্কুলীয়া ছাত্ৰক অপৰাধী সজাই গ্ৰেপ্তাৰ কৰা ঘটনাই বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । গণতান্ত্ৰিক প্ৰতিবাদকাৰীক কণ্ঠৰোধ কৰিবলৈ চীনৰ নিৰ্দেশত হংকঙৰ কেৰি লামৰ প্ৰশাসনে এনে দমনমূলক পদক্ষেপ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

Exit mobile version