হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ দেহাৱসান

Vir

প্ৰয়াত হ’ল হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিং । ৮৭ বছৰীয়া কংগ্ৰেছৰ প্ৰাক্তন সাংসদজনে বৃহস্পতিবাৰে পুৱা ছিমলাৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ।

পৰিয়াল সূত্ৰে খবৰ, দীৰ্ঘদিন ধৰি অসুস্থ হৈ ইন্দিৰা গান্ধী মেডিকেল কলেজ (আইজিএমচি)ত চিকিৎসাধীন হৈ আছিল সিং । হাস্পতাল কৰ্তৃপক্ষই জনায়, তেওঁ বৃহস্পতিবাৰে পুৱা চাৰি বজাত শেষ নিশ্বাস ত্যাগ কৰে । তেওঁ সোমবাৰে হৃদৰোগত আক্ৰান্ত হৈছিল । ইয়াৰ পাছৰ পৰাই তেওঁৰ শাৰীৰিক অৱস্থা সংকটজনক হৈ আছিল । বুধবাৰৰ পৰা শ্বাস কষ্টৰ সমস্যাই দেখা দিয়াৰ বাবে বীৰভদ্ৰক পৰ্যৱেক্ষণত ৰাখিছিল হাস্পতালৰ কাৰ্ডিঅ’লজি বিভাগৰ চিকিৎসকসকলে ।

চলিত বৰ্ষৰ ১২ এপ্ৰিলত ক’ভিডত আক্ৰান্ত হৈছিল এই প্ৰবীণ ৰাজনীতিবিদজন । ৩০ এপ্ৰিলত সুস্থ হৈ হাস্পতালৰ পৰা অহাৰ কেইঘন্টামানৰ পাছতেই তেওঁ পুনৰ অসুস্থ অনুভৱ কৰে । তেতিয়াৰ পৰাই আইজিএমচিত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সিং । ১১ জুনত তেওঁৰ শৰীৰত পুনৰ ক’ভিডৰ উপস্থিতি ধৰা পৰে । ইয়াৰ পাছত ইটোৰ পাছত সিটো শাৰীৰিক সমস্যাই দেখা দিছিল । আজি সেই হাস্পতালতে দেহাৱসান ঘটে সিঙৰ ।

তেওঁ ছবাৰ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল । পাঁচবাৰ সাংসদো হৈছিল প্ৰবীণ ৰাজনীতিবিদজন ।

Exit mobile version