যমুনাৰ জল স্পর্শ কৰিব নােৱাৰিব প্ৰতাৰক ৰাজনীতিকে : নিষেধাজ্ঞা মথুৰাৰ পুৰােহিতৰ

84192267

ব্যাপকভাৱে প্ৰদূষিত হৈছে যমুনা নদী। এতিয়াৰে পৰা যমুনা নদীৰ জল স্পর্শ কৰিব নােৱাৰিব কোনাে ৰাজনৈতিক নেতাই।

ৰাজনৈতিক নেতাৰ বাবে যমুনাক নিষিদ্ধ ঘােষণা কৰিলে মথুৰাৰ পুৰােহিতে। যমুনা নদীৰ পানী যথেষ্ট প্ৰদূষিত হৈছে যদিও সেই প্ৰদূষণ নিয়ন্ত্রণ কৰিবলৈ সফল হােৱা নাই ৰাজনৈতিক নেতাসকল।

যমুনা পৰিষ্কৰণৰ বাবে একাধিকবাৰ প্রতিশ্রুতি দিয়াৰ পাছতাে কোনাে ৰাজনৈতিক নেতাই এই প্রতিশ্রুতি পালন কৰা নাই বুলি অভিযােগ উত্থাপন কৰি মথুৰাৰ পুৰােহিতসকলে ৰাজনীতিকৰ যমুনাৰ পানী স্পর্শ কৰাৰ অধিকাৰ নাই বুলি মন্তব্য কৰি কয়, ‘ৰাজনৈতিক নেতাসকল মিথ্যাবাদী। ভােটৰ সময়ত কেৱল তেওঁলােকক দেখা যায়।

ভােটৰ পাছত তেওঁলােকক বিচাৰি পােৱা নাযায়। সেয়েহে মা যমুনাৰ এইসকল দোষীক আমি নিষিদ্ধ কৰিলাে। যমুনা নদীৰ কাষত তেওঁলােকে ঘূৰা-ফুৰা কৰিব নােৱাৰিব আৰু পূজাও কৰিব নােৱাৰিব।’

Exit mobile version