লালু-ৰাবড়ীৰ নামৰে ধূপ-কাঠি বিক্ৰী কৰিছে পুত্র তেজপ্রতাপে

dskugsd 60e6a66f03876

এইবাৰ ব্যৱসায়ীৰ ৰূপত আত্মপ্রকাশ কৰিলে বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী লালুপ্রসাদ যাদৱৰ পুত্র তেজপ্রতাপ যাদৱে। তেজপ্রতাপে ধূপ-কাঠিৰ ব্যৱসায় আৰম্ভ কৰিছে।

লালু পুত্রই বিক্ৰী কৰা ধূপ-কাঠিৰ এই ব্ৰেণ্ডৰ নাম হৈছে এল আৰ— অর্থাৎ লালু-ৰাবড়ী (লালুপ্রসাদ যাদৱ-ৰাবড়ী দেৱী। পাটনা আৰু দানাপুৰত তেজপ্রতাপে ধূপ-কাঠিৰ বিক্ৰীৰ বাবে শ্ব’ৰূমো খুলিছে।

ধূপ-কাঠি তৈয়াৰৰ বাবে কাৰখানা স্থাপন কৰাৰ লগতে ইয়াৰ ব্যৱসায় নিজে তেজপ্রতাপে চর্চিত কৰিছে। উল্লেখ্য যে পূজা-পাতলৰ জৰিয়তে তেজপ্রতাপে প্ৰায়ে চর্চা লাভ কৰি আহিছে।

লালুৰ এইজন জ্যেষ্ঠ পুত্র যথেষ্ট ধার্মিক হিচাপে পৰিচিত। বিভিন্ন মন্দিৰৰ পৰা সংগ্রহ কৰা ফুলৰ জৰিয়তে এই বিশেষ সুগন্ধি ধূপ-কাঠি তৈয়াৰ কৰা হয়। ইতিমধ্যে এল আৰ ব্ৰেণ্ডৰ অধীনত বিহাৰৰ বজাৰত কৃষ্ণলীলা, বৰছনা, সেৱাকুঞ্জ, বিষ্ণুপ্রিয়া, নিধিবন, বৃন্দাতুলসী, পাৰিজাত আদি নামৰে ধূপ বিক্ৰী কৰা হৈছে।

Exit mobile version