কেৰালাত ১৪ জনৰ শৰীৰত জিকা ভাইৰাছৰ উপস্থিতি, উদ্বেগ বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰৰ

zika virus

কৰ’নাৰ দ্বিতীয় ভৌত বিধ্বস্ত কেৰালা, তেনে সময়তে ৰাজ্যত উদ্বেগ বৃদ্ধি কৰিছে ‘জিকা’ ভাইৰাছে । শুকুৰবাৰে ১৩ জনৰ শৰীৰত জিকাৰ উপস্থিতি নিশ্চিত কৰিছে পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজিয়ে । ইয়াৰ পূৰ্বে ২৪ বছৰীয়া এগৰাকী যুৱতীৰ শৰীৰত জিকা ভাইৰাছৰ সন্ধান পোৱা গৈছিল । কেৰালাত সৰ্বমুঠ ১৪ জনৰ শৰীৰত এই ভাইৰাছৰ সন্ধান পোৱা গৈছে ।

কেৰালা চৰকাৰৰ তৰফৰ এক বিবৃতিত জনোৱা হয়, ২৪ বছৰীয়া যুৱতীৰ শৰীৰত জিকা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত ১৯ জনৰ নমুনা প্ৰেৰণ কৰা হৈছিল নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজিত । এই ১৯ জনৰ ভিতৰত ১৩ জনৰ ৰিপ’ৰ্ট পজিটিভ আহে । জিকা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ পৰিকল্পনা কৰা হৈছে বুলি জনায় কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে । কেন্দ্ৰৰ পৰা এটা ছজনীয়া দলো গৈছে কেৰালাত ।

জিকা ভাইৰাছ মহৰ দ্বাৰা সংক্ৰমিত হোৱা এবিধ ৰোগ । মহৰ জৰিয়তেই ই মানুহৰ শৰীৰত প্ৰৱেশ কৰে । এই ৰোগত আক্ৰান্ত হ’লে ‘ডেংগু’ৰ দৰেই লক্ষ্যণে দেখা দিয়ে । জ্বৰ, গা বিষ তদুপৰি শৰীৰত সৰু সৰু ফোঁহা দেখিবলৈ পোৱা যায় । ই শৰীৰৰ জটিলতা বৃদ্ধি কৰি মাৰাত্মক ৰূপো ধাৰণ কৰিব পাৰে ।

Exit mobile version