তামাৰহাটত অবৈধ গৰু সৰবৰাহ, দুটা গৰু জব্দ

WhatsApp Image 2021 07 10 at 5.58.47 PM

অসম আৰক্ষীয়ে গৰু সৰবৰাহৰ বিৰুদ্ধে যিমানেই তৎপৰ হৈছে দুষ্ট চক্ৰই সিমানেই চলাইছে অবৈধ গৰু সৰবৰাহ। আজি আৰক্ষীৰ অভিযানত তামাৰহাটত পৃথকে পৃথকে দুঠাইত সাতটাকৈ গৰু উদ্ধাৰ কৰে।

ধুবুৰী জিলাৰ তামাৰহাট থানাৰ পাগলাহাট আৰক্ষী চকীৰ অন্তৰ্গত আলোকঝাৰী বনাঞ্চলৰ কাষেদি আজি পুৱাৰ ভাগত পাঁচটা গৰু সন্দেহজনকভাৱে লৈ যোৱা দেখি স্থানীয় ৰাইজে গৰুকেইটা উদ্ধাৰ কৰাত গৰুৰ গৰাকী পলাই যায় পাছত স্থানীয় ৰাইজে পাগলাহাট আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে গৰু পাঁচটা জব্দ কৰি উত্তৰ কাচখানা খোৱাৰত জমা দিয়ে।

ইফালে তামাৰহাট আৰক্ষীয়ে আজি পুৱাৰ ভাগত অভিযান চলাই তামাৰহাট অঞ্চলৰ ধুবুৰী কচুগাঁও গড়কাপ্টানি পথৰ পৰা দুটা গৰু জব্দ কৰি ধুতুৰামাৰী খোৱাৰত জমা দিয়ে।

অৱশ্যে গৰুৰ লগত আৰক্ষীয়ে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই । গৰু ব্যৱসায়ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছত আৰক্ষীয়ে তৎপৰ হৈছে যদিও একাংশ দুষ্ট চক্ৰ ই আৰক্ষীৰ চকুত ধূলি দি অবাধে চলাইছে অবৈধ গৰু ব্যৱসায়।

Exit mobile version