ভৱানীপুৰৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ দুৰৱস্থা

ঠেলা চলাই, পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ মাষ্টাৰ্ছ এথলীট মহেন্দ্ৰ সুত্ৰধৰৰ

WhatsApp Image 2021 07 10 at 6.13.27 PM

ছয়টা ৰাষ্ট্ৰীয় বঁটা, ১২ টা ৰাজ্যিক বঁটা, নটা জিলা পৰ্যায়ৰ বঁটাৰে উজ্বলাইছে ক্ৰীড়াৰ ক্ষেত্ৰখন

ভৱানীপুৰ সমষ্টিৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ দুৰৱস্থা । ৭১ বছৰীয়া মহেন্দ্ৰ সুত্ৰধৰৰ ঘৰ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত শালবাৰীৰ পাক্‌ৰিগুৰি গাঁৱত । চৰকাৰী স্বীকৃতিৰ পৰা আজিও বঞ্চিত হৈ আছে এইগৰাকী ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন মাষ্টাৰ্ছ এথলীট মহেন্দ্ৰ সুত্ৰধৰ ।

ছয়টা ৰাষ্ট্ৰীয় বঁটা, ১২ টা ৰাজ্যিক বঁটা আৰু নটা জিলা পৰ্যায়ৰ বঁটাৰে ক্ৰীড়াৰ ক্ষেত্ৰখন উজ্জ্বলাই আজি এই গৰাকী খেলুৱৈয়ে ঠেলা চলাই, পাচলি বিক্ৰী কৰি চলাই আহিছে নিজৰ জীৱন জীৱিকা ।

বিভিন্ন আৰ্থিক দৈন্যতাৰ মাজেৰে নিজৰ জীৱন চলাই নিয়া খেলুৱৈ গৰাকীয়ে গাঠিৰ ধন ব্যয় কৰি জিলা পৰ্যায়, ৰাজ্যিক পৰ্যায় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপ অংশগ্ৰহণ কৰি আহিছিল যদিও ২০১৬ বৰ্ষত চীনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপ লৈ খেলুৱৈ গৰাকী নিৰ্বাচিত হৈয়ো ধনৰ অভাৱত যাব নোৱাৰিলে ।

কিছু বছৰ পূৰ্বে পত্নীৰ মৃত্যু হোৱা মহেন্দ্ৰ সুত্ৰধৰৰ আছে পাঁচ গৰাকী পুত্ৰ সন্তান। আটাইকেইগৰাকী শ্ৰমজীৱি পুত্ৰ‌ই নিজ ঘৰ সংসাৰ কৰি পৃথকে পৃথকে বসবাস কৰে ।

স্বনিৰ্ভলশীল আৰু স্বাধীনচেতিয়া মনোভাৱৰ অধিকাৰী মহেন্দ্ৰ‌ই বৰ্তমান ৭১ বছৰ বয়সতো ঠেলা চলাই পাচলি বিক্ৰী কৰিয়েই নিজৰ পেটৰ ভাত মুঠি মুকলাই আছে । এইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰি অসমৰ ক্ৰীড়া ক্ষেত্ৰখন উজ্বলাই তোলা তথা অসমৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ সুনাম কঢ়িয়াই অনা মাষ্টাৰ্ছ এথলীট মহেন্দ্ৰ সুত্ৰধৰে দাৰিদ্ৰতাৰ কৱলত পৰি হাহাকাৰ কৰিবলগীয়া হৈছে অন্ন বস্ত্ৰ বাসস্থানৰ বাবে ।

এটা জৰাজীৰ্ণ ঘৰত বসবাস কৰে সুত্ৰধৰে । মহেন্দ্ৰ সুত্ৰধৰে মাষ্টাৰ্ছ এথলেটিক্সত বিভিন্ন পৰ্যায়ৰ দৌৰত ছয়টা ৰাষ্ট্ৰীয় পদক অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে ৰাজ্যিক ভিত্তিত বাৰটা পদক আৰু জিলা ভিত্তিত নটা পদক অৰ্জন কৰিছে নিজৰ ক্ৰীড়া প্ৰতিভা তথা কৃতিত্বৰে ।

উল্লেখ্য যে মহেন্দ্ৰ সুত্ৰধৰে মাষ্টাৰ্ছ এথলেটিক্স ফেডাৰেচন অৱ ইণ্ডিয়াৰ উদ্যোগত ২০১৬ বৰ্ষত মহীশূৰত অনুষ্ঠিত ‘৩৭ সংখ্যক নেচনেল মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপ ২০১৬’ ত ৫০০০ মিটাৰ দৌৰত প্ৰথম স্থান অধিকাৰ কৰি স্বৰ্ণ পদক লাভ কৰিছিল।

তদুপৰি ২০১৭ বৰ্ষত তেলেংগানাৰ হায়দৰাবাদত অনুষ্ঠিত ‘৩৮ সংখ্যক নেচনেল মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপ ২০১৭’ ত ৫০০০ মিটাৰ দৌৰত প্ৰথম স্থান অধিকাৰ কৰি স্বৰ্ণপদক অৰ্জন কৰাৰ লগতে ১৫০০ মিটাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদক অৰ্জন কৰিছিল মহেন্দ্ৰ সুত্ৰধৰে ।

একেদৰে ২০১৮ বৰ্ষত বাংগালুৰুত অনুষ্ঠিত ‘৩৯ সংখ্যক নেচনেল মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপ ২০১৮’ ত ৫০০০ মিটাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদক অৰ্জন, ১৫০০ মিটাৰ দৌৰত তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক আৰু ৮০০ মিটাৰ দৌৰত তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল ।

ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠিত মাষ্টাৰ্ছ এথলেটিক্সতো মহেন্দ্ৰ সুত্ৰধৰে কৃতিত্ব অৰ্জন কৰিছে । ২০১৫ বৰ্ষত ডিফুত অনুষ্ঠিত ‘২৪ সংখ্যক অল আছাম মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপ ২০১৫’ ত ৫০০০ মিটাৰ দৌৰত আৰু ১৫০০ মিটাৰ প্ৰথম স্থান লাভ কৰি দুটাকৈ স্বৰ্ণ পদক কৰিছিল সুত্ৰধৰে ।

২০১৬ বৰ্ষত ধেমাজিত অনুষ্ঠিত ‘২৫ সংখ্যক আসাম মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপ ২০১৬’ ত ৫০০০ মিটাৰ দৌৰত, ১৫০০ মিটাৰ দৌৰত, ৮০০ মিটাৰ দৌৰত আৰু ২১ কিলোমিটাৰ দৌৰত (হাফ মাৰাথান দৌৰত) চাৰিওটাতেই প্ৰথম স্থান অধিকাৰ কৰি স্বৰ্ণ পদক অৰ্জন কৰিছিল ।

২০১৭ বৰ্ষত বঙাইগাঁৱত অনুষ্ঠিত ‘২৬ সংখ্যক সদৌ অসম মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপ ২০১৭’ তো মহেন্দ্ৰ সুত্ৰধৰে ৫০০০ মিটাৰ দৌৰত, ১৫০০ মিটাৰ দৌৰ আৰু ৮০০ মিটাৰ দৌৰত মুঠ তিনিটাকৈ স্বৰ্ণ পদক অৰ্জন কৰিছিল । ২০১৮ বৰ্ষত শিৱসাগৰত অনুষ্ঠিত ‘২৭ সংখ্যক সদৌ অসম মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপ ২০১৮’ ত ৫০০০ মিটাৰ দৌৰত, ১৫০০ মিটাৰ দৌৰত তিনিওটাতে প্ৰথম স্থান লাভ কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে মহেন্দ্ৰ সুত্ৰধৰে ।

তদুপৰি বজালী জিলা ভিত্তিত অনুষ্ঠিত মাষ্টাৰ্ছ এথলেটিক্সতো ক্ৰমে ২০১৫, ২০১৬, ২০১৭ আৰু ২০১৮ বৰ্ষত অংশ গ্ৰহণ কৰি বিভিন্ন পৰ্যায়ৰ দৌৰত মহেন্দ্ৰ সুত্ৰধৰে সাতটা স্বৰ্ণ পদক আৰু দুটা ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

আন এক উল্লেখযোগ্য যে পেছাত এগৰাকী ঠেলা চালক, পাচলি বিক্ৰেতা মহেন্দ্ৰ সুত্ৰধৰে প্ৰসংগক্ৰমে এই সাংবাদিকৰ আগত ব্যক্ত কৰে যে ঠেলা চলাই , পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা সুত্ৰধৰে ২০০০ বৰ্ষত শালবাৰীৰ নিকটৱৰ্তী বাহঁবাৰীত ঠেলাৰে গধুৰ বোজা কঢ়িয়াই নিয়া অৱস্থাত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত তেওঁৰ এটা জটিল অস্ত্ৰপ্ৰচাৰ সম্পন্ন হৈছিল । তেওঁ সুস্থ হৈ উঠাৰ পাছত চিকিৎসকৰ পৰামৰ্শ অনুযায়ী প্ৰতিদিনে ৰাতিপুৱা সুত্ৰধৰে শাৰীৰিক ব্যায়ামৰ অংশ হিচাপে এঘণ্টাকৈ দৌৰে ।

দৌৰাটো এক অভ্যাসত পৰিণত হোৱাৰ লগতে ২০১৫ বৰ্ষৰ পৰা বিভিন্ন পৰ্যায়ত অনুষ্ঠিত মাষ্টাৰ্ছ এথলেটিক্স চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰাটো অব্যাহত ৰাখিছে ।অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক উজ্জ্বলাই তোলাৰ স্বাৰ্থত নিজস্ব শ্ৰম, ত্যাগ, সাধনাৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন এথলীট মহেন্দ্ৰ সুত্ৰধৰলৈ চৰকাৰী কোনোবা আমোলা- বিষয়াৰ দৃষ্টি পৰিবনে?

তদুপৰি সকলো ধৰণৰ চৰকাৰী আচঁনিৰ পৰা বঞ্চিত থকা খেলুৱৈ গৰাকীক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিভা প্ৰদৰ্শনৰ বাবে চৰকাৰী ভাবে আৰ্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হʼবনে? অসম চৰকাৰৰ আৰু বিটিচি চৰকাৰৰ ক্ৰীড়া বিভাগে মহেন্দ্ৰ সুত্ৰধৰলৈ কেনে ধৰণে দৃষ্টি নিক্ষেপ কৰিব সেইয়া হʼব লক্ষণীয় ।

Exit mobile version