ত্ৰিপুৰাত ৯০ জন ক’ভিডৰ ডেল্টা প্লাছ ষ্ট্ৰেনত আক্ৰান্ত, উত্তৰ-পূৱ ৰাজ্যত এইয়ে প্ৰথম

Covid 19 4

ত্ৰিপুৰাত ৯০ জনৰ দেহত ডেল্টা প্লাছ ষ্ট্ৰেনৰ সন্ধান পোৱা গৈছে । উত্তৰ-পূৱ ভাৰতত এইয়ে প্ৰথম ডেল্টা প্লাছৰ সন্ধান পোৱা গ’ল ।

ৰাজ্য প্ৰশাসনৰ সূত্ৰ অনুসৰি, পশ্চিমবংগৰ চৰকাৰী পৰীক্ষাগাৰত ১৫১ টা নমুনা প্ৰেৰণ কৰা হৈছিল । ইয়াৰ ভিতৰত ৯০ জনৰ নমুনাত জিন’ম ছিকুৱেন্সিং ডেল্টা প্লাছৰ সন্ধান পোৱা যায় । কিছু কিছু নমুনাত কৰ’নাৰ ডেল্টা আৰু আলফা ষ্ট্ৰেনৰো সন্ধান পোৱা গৈছে বুলি জনায় ত্ৰিপুৰাৰ এজন স্বাস্থ্য বিষয়াই ।

শুকুৰবাৰে উত্তৰপ্ৰদেশত দুজনৰ শৰীৰত ডেল্টা প্লাছৰ সন্ধান পোৱা গৈছিল । স্বাস্থ্য মন্ত্ৰণালয়ে জনায়, দেশৰ ১২ খন ৰাজ্যত ইতিমধ্যে ডেল্টা প্লাছৰ সংক্ৰমণ ধৰা পৰিছে । এই ৰাজ্যকেইখনৰ ভিতৰত আছে মহাৰাষ্ট্ৰ, পঞ্জাৱ, গুজৰাট, কেৰালা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, ৰাজস্থান, জম্মু, কৰ্ণাটক আৰু হাৰিয়ানা । এই তালিকাত এইবাৰ নতুনকৈ সংযোজন হ’ল ত্ৰিপুৰাৰ ।

বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে ভাইৰাছৰ এই ৰূপক ‘ভেৰিয়েণ্ট অৱ কনচাৰ্ন’ হিচাপে চিহ্নিত কৰিছে । ত্ৰিপুৰাত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ৫৬ হেজাৰ ১৬৯ জন । মৃত্যু হৈছে ৫৭৪ জনৰ ।

Exit mobile version