এপ্রিল-জুনত ৪০ শতাংশ পর্যন্ত বৃদ্ধি নিত্য প্রয়ােজনীয় সামগ্রীৰ মূল্য

ইলেকট্রনিক সামগ্ৰীৰ দামমা খুব শীঘ্ৰেই বৃদ্ধি পােৱাৰ সম্ভাৱনা

cover

দেশত খাদ্যমূল্য সূচকৰ একেৰাহে কে’বামাহাে ধৰি উর্ধ্বগমন হৈয়েই আছে। সমান্তৰালভাৱে ঊর্ধ্বগামী হৈছে ৰন্ধন গেছ যানবাহনৰ ইন্ধন আদিৰ দামাে। যাৰ প্ৰভাৱত দেশৰ মধ্যবিত্ত শ্ৰেণীৰ ইতিমধ্যে পানীত হাঁহ নচৰাৰ দৰে হৈছে।

আমাৰ দেশৰ ঘৰুৱা বজাৰত ইতিমধ্যে চাবােন, চেম্পু, টুথপেষ্টৰ দৰে নিত্য ব্যৱহার্য সামগ্ৰীৰ দাম বাঢ়িছে। বিগত তিনি মাহত উপৰােক্ত সামগ্রী কেইবিধৰ বাহিৰেও কাপােৰ ধােৱা গুড়ি চাবােন, চাহপাত, ভােজ্য তেল, জাম জেলি, কেচ্চাপ, শিশুৰ খাদ্য আদি বিভিন্ন দৈনন্দিন ব্যৱহাৰৰ বাবে প্রয়ােজনীয় সামগ্ৰীৰ দাম তিনিৰ পৰা ৪০ শতাংশ পর্যন্ত ঊর্ধ্বগামী হৈছে।

কেৱল সেয়াই নহয়, এয়াৰ কণ্ডিচনাৰ, টেলিভিছন ছেট, ফ্রীজ আৰু কুলাৰৰ লগতে ঘৰত ব্যৱহাৰ হােৱা বিভিন্ন ইলেকট্রনিক সামগ্ৰীৰ দামাে খুব শীঘ্রেই বৃদ্ধি পােৱাৰ সম্ভাৱনা আছে বুলি জনাইছে বজাৰ বিশ্লেষকসকলে। তলাবন্ধৰ বাবে ইমানদিনে দেশত বিভিন্ন কল-কাৰখানা বন্ধ থকা বাবে এনেবােৰ সামগ্রী উৎপাদনৰ বাবে প্রয়ােজনীয় কেঁচামাল কপাৰৰ উৎপাদন প্রায় বন্ধ হৈ আছিল।

বজাৰক কপাৰৰ যােগান পর্যাপ্ত নােহােৱা বাবে সম্প্রতি ইয়াৰ চাহিদা প্রচুৰ পৰিমাণে বৃদ্ধি পাইছে যাৰ ফলত চৰা দামত বিক্ৰী হৈছে ইলেকট্রনিক সামগ্রীত ব্যৱহাৰ হােৱা কপাৰৰ কইলৰ। স্বাভাৱিকতে ইয়াৰ ফলত টিভি, ফ্রীজ, এচিৰ দৰে সামগ্ৰীৰ দাম
বাঢ়িব পাৰে বুলি অনুমান কৰিছে বজাৰ বিশেষজ্ঞসকলে।

বিশেষজ্ঞসকলৰ ধাৰণা, দেশৰ যিবােৰ অঞ্চলত এতিয়াও আংশিক তলাবন্ধ জাৰি হৈ আছে সেই অঞ্চলসমূহত পৰিস্থিতি স্বাভাৱিক হােৱাৰ পাছত কেৱল কপাৰ বুলিয়েই নহয়, অন্যান্য বিভিন্ন সামগ্ৰীৰ উৎপাদনৰ বাবে ব্যৱহাৰ হােৱা কেঁচামালৰ দামাে একেকোবে ভালেখিনি বাঢ়িব পাৰে।

উল্লেখ্য যে সাধাৰণতে যিকোনাে প্রাকৃতিক দুর্যোগ, মহামাৰী আদিৰ পাছত আন্তর্জাতিক বজাৰত পণ্য সামগ্ৰীৰ যােগান সৰবৰাহ আদিৰ অভাৱ হােৱা দেখা যায়। কৰ’নাৰ সংহাৰৰ পাছতাে বিশ্ব বজাৰৰ অস্থিৰতা একেধৰণে বিৰাজ কৰিছে।

পিছে অইনবাৰৰ তুলনাত এইবাৰ যেন ভালেখিনি ব্যতিক্রম ঘটিছে। অতিমাৰীৰ প্রভাৱৰ পৰা মুক্ত হােৱা নাই বহু নিত্য প্রয়ােজনীয় সামগ্ৰীৰ প্ৰধান ৰপ্তানিকাৰী দেশ। এবাৰ, দুবাৰকৈ কৰনাৰ কেবাটাও ঢৌৱে চুই গৈছে এনে কেতবােৰ দেশক। পৰিস্থিতি স্বাভাৱিক হােৱাৰ নামেই লােৱা নাই।

ফলস্বৰূপে আন্তর্জাতিক বজাৰত হােৰাহােৰে দাম বাঢ়িছে ছয়াবিন, চাউল, চেনি, গম, দাইল আৰু গুড়ি গাখীৰৰ দৰে অত্যাৱশ্যকীয় খাদ্য সামগ্রীসমূহৰ। ভাৰতীয় বজাৰতাে ইয়াৰ পূৰ্ণ প্ৰভাৱ পৰিছে। সূচকৰ এই ঊর্ধ্বগতিক ভয়ংকৰ মুদ্রাস্ফীতিৰ আগজাননী আখ্যা দিছে বিশেষজ্ঞসকলে।

বজাৰ বিশ্লেষকসকলৰ মতে, বজাৰত অৰ্থৰ প্ৰবাহৰ ক্ষেত্ৰত বৃহৎ অর্থনীতিৰ ৰাষ্ট্ৰসমূহৰ অধিক উদাৰনীতি, উচ্চ মূল্যস্ফীতি আৰু তাৰ লগতে ডলাৰ মূল্যৰ দুর্বল স্থিতিৰ বাবেও পণ্যৰ দাম বৃদ্ধি পাইছে। মনকৰিবলগীয়া, বৰ্তমানৰ পৰিস্থিতিক ২০০৮ ৰ বৈশ্বিক অর্থনৈতিক মন্দাৰ স’তে তুলনা কৰিলে দেখা যায় যে কৰ’নাৰ পাছতাে প্রায় অনুৰূপ ধৰণে ভয়ংকৰ মুদ্রাস্ফীতিৰ দিশে আগবাঢ়িছে। ভাৰত নিত্য ব্যৱহার্য পণ্যৰ দাম এইদৰে বাঢ়িলে সীমিত আয়ৰ পৰিয়ালসমূহ বিপদত পৰাটো প্রায় ধুৰুপ।

Exit mobile version