ভাৰতৰ বিৰুদ্ধে এইবাৰ তিব্বতী তৰুণ সেনা বাহিনী সাজু কৰিছে চীনে

chinese

লাডাখৰ সীমান্তত ভাৰত-চীনৰ ৰক্তাক্ত সংঘৰ্ষৰ এবছৰৰ পাছতাে পৰিস্থিতি সংকটমুক্ত হােৱা নাই। হট স্প্রীংছ, গােগৰা পােষ্ট আৰু ডেপছাত এতিয়াও চীনা বাহিনীয়ে আধিপত্য বিস্তাৰ কৰি আছে।

ইয়াৰ মাজতে ভাৰত চৰকাৰৰ উদ্বেগ বৃদ্ধি কৰি তিব্বতৰ তৰুণসকলক সেনাবাহিনীত অন্তর্ভুক্ত কৰিছে চীনে। লাডাখৰ দুর্গম অঞ্চলৰ স’তে সুপৰিচিত এই তৰুণসকলক ভাৰতীয় সেনাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিব বিচাৰিছে চীনে।

ইতিমধ্যে ভাৰতীয় চোৰাংচোৱাই এই তথ্য লাভ কৰিছে। প্রকৃত নিয়ন্ত্রণ ৰেখাৰ সংলগ্ন তিব্বতী তৰুণক প্রশিক্ষণ দিয়া হৈছে। সীমান্ত সংলগ্ন অঞ্চলৰ সশস্ত্র অভিযানৰ বাবে তেওঁলােকক প্রস্তুত কৰা হৈছে। কেন্দ্রীয় চৰকাৰৰ এক শীর্ষ বিষয়াই কয় যে চোৰাংচোৱাৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি প্রকৃত নিয়ন্ত্রণ ৰেখাৰ সংলগ্ন অঞ্চলত তেওঁলােকক প্রশিক্ষণ দিয়া হৈছে।

সূত্রত প্রকাশ যে দুর্গম অঞ্চলত যিকোনাে পৰিস্থিতিৰ মােকাবিলা কৰিবলৈ তিব্বতী তৰুণক বিশেষ প্রশিক্ষণ দিছে চীনে। প্রথমে একাধিক ঢাপ অতিক্রম কৰি চীনা বাহিনীৰ সন্মুখত আনুগত্য প্রমাণ কৰিবলগীয়া হৈছে এই তৰুণসকলে।

চীনৰ মূল ভূখণ্ডৰ ভাষ্য শিকোৱা হৈছে তেওঁলােকক যাতে চীনা সেনাৰ পৰা তেওঁলােকক পৃথক কৰিব নােৱাৰি। সমান্তৰালভাৱে দালাইলামা আৰু চীনা আগ্রাসনৰ ঘােৰ বিৰােধী বুলি পৰিচিত নেতা আৰু ধর্মগুৰুসকলৰ ছত্রছায়াৰ বাহিৰলৈ আনি চীনা কমিউনিষ্ট পার্টি কর্তৃত্ব মানি ল’বলৈ বিশেষ প্রশিক্ষণ দিয়া হৈছে।

১৯৬২ৰ ভাৰত-চীন যুদ্ধৰ পাছত ভাৰতীয় সেনা আৰু আমেৰিকাৰ গুপ্তচৰ সংস্থা চি আই এ-ই মিলি চীন বিৰােধী নির্বাসিত তিব্বতীসকলক লৈ বিশেষ সীমান্ত বাহিনী (এছ এফ এফ) গঢ়ি তােলে। বর্তমান ভাৰতীয় সেনাৰ গুৰুত্বপূর্ণ অংশ এই বাহিনী। গালৱান সংঘৰ্ষৰ সময়ত চীনা বাহিনীক পর্যুদস্ত কৰিবলৈ বিশেষ ভূমিকা গ্রহণ কৰিছিল এই বাহিনীয়ে।

তাৰ পাছতে তিব্বতী তৰুণক চামিলৰ সিদ্ধান্ত লয় চীনে। চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা চীনে এই অন্তর্ভুক্তি কৰে বুলি চোৰাংচোৱা সূত্রত প্রকাশ।

Exit mobile version