অসমৰ গ্ৰাম্য জীৱনৰ অন্যতম অত্যাৱশ্যকীয় আহিলাস্বৰূপ “ঢেঁকী”ক অত্যাধুনিক ৰূপত সাঁজি উলিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে টিহুৰ ভাস্কৰ্য্য শিল্পী ভাৰত তালুকদাৰে । বৰ্তমান চলি থকা অৰ্ধ তলাবন্ধৰ সময়ত নিজৰ মূল্যৱান সময় অপচয় নিজৰ শ্ৰম আৰু কাৰিকৰী চিন্তাৰ সত ব্যৱহাৰ কৰি অতি কম খৰচত অত্যাধুনিক ৰূপত নতুনকৈ সাজি উলিয়াইছে এটা ঢেঁকী ।
কাঠ, লোহা, প্লাইউড্ আদিৰে নিৰ্মিত উক্ত অত্যাধুনিক ঢেঁকীটোত ইতিমধ্যে পিঠাগুৰি খুণ্ডা, ধান বনা আদি কাৰ্য সুন্দৰভাৱে সম্পাদন কৰা হৈছে । অত্যাধুনিক ৰূপত সাঁজি উলিওৱা ঢেঁকীটো সন্দৰ্ভত ভাস্কৰ্য্য শিল্পী ভাৰত তালুকদাৰে কয় যে, গ্ৰাম্য জীৱনৰ অন্যতম অত্যাৱশ্যকীয় আহিলা “ঢেঁকী” স্থাপন কৰিবলৈ বহল ঠাইৰ প্ৰয়োজন হয় । কিন্তু ইয়াৰ বিপৰীতে নগৰাঞ্চলৰ লোকৰ ঠাইৰ অভাৱ । গতিকে কম পৰিসৰৰ ঠাইত স্থাপন কৰি সুন্দৰকৈ ব্যৱহাৰ কৰিব পৰা এটা ঢেঁকী সাজিব পাৰিলে নিশ্চয় উপকৃত হ’ব পৰা যাব । এনে এক চিন্তাৰে কম ঠাই আৰু খৰচত মাত্র পোন্ধৰ দিনৰ ভিতৰত উক্ত ঢেঁকীটো সাজি উলিওৱা বুলি প্ৰকাশ কৰিছে । অত্যাধুনিক আৰ্হিৰে নিৰ্মাণ কৰা ঢেঁকীটো বজাৰত উলিয়াই দিলে যথেষ্ট সমাদৰ লাভ কৰাৰ সম্ভৱনা আছে ।
উল্লেখ্য যে ভাস্কৰ্য্য শিল্পী ভাৰত তালুকদাৰে অসম নাট্য সন্মিলনৰ টিহু অধিৱেশনত “মুখা”ৰ আকৃতিৰ মূল তোৰণ, টিহুৰ দশেৰা উৎসৱত এশ ফুট ওখ ৰাৱণৰ প্ৰতিমূৰ্তি, টিহু ৰাস মহোৎসৱৰ মূল মণ্ডপ আদি নিৰ্মাণ কাৰ্যত জড়িত হৈ আহিছে । তদুপৰি তালুকদাৰে অপেচাদাৰী নাট্যগোষ্ঠীৰ দক্ষ মঞ্চ নিৰ্মাতা হিচাপেও অঞ্চলটোত পৰিচিত। শেহতীয়াকৈ অৰ্ধ তলাবন্ধৰ সময়ত এনেদৰে অত্যাধুনিক ঢেঁকী সাঁজি তালুকদাৰে ৰাইজৰ সমাদৰ লাভ কৰিছে ।






























