দুয়োটা কিডনীয়েই বিকল বাগসাৰ আনন্দ বজাৰৰ ৰাজেন নাথৰ

আৰ্থিক সাহায্য বিচাৰি হাতযোৰ কৰি আবেদন

squareart 3

এগৰাকী উদীয়মান যুৱক ৰাজেন নাথ ৷ বাগসাৰ শালবাৰীৰ আনন্দ বজাৰৰ কাষৰীয়া হৰিপুৰৰ অনিল নাথৰ পুত্ৰ ২২ বছৰীয়া ৰাজেন নাথৰ তিনিমাহ পূৰ্বৰ পৰা দুয়োটা কিডনীয়েই বিকল হৈ পৰিছে ৷ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ যুৱক ৰাজেন নাথৰ চিকিৎসাৰ বাবে ইতিমধ্যে পৰিয়ালৰ লোকে চেন্নাই এপ’লো হাস্পতাল, গুৱাহাটীৰ আয়ুচন্দ্ৰা হাস্পতাল, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আদিত চিকিৎসা কৰিছে যদিও আজি পৰ্যন্ত কোনো সুফল লাভ নকৰিলে ৷

মাতৃহীনা ৰাজেনৰ চিকিৎসাৰ বাবে ক্ষুদ্ৰ দোকানী পিতৃ অনিল নাথ তথা দুই জ্যেষ্ঠ ভাতৃয়ে টকা ঋণত ল’বলগীয়া হয়, ঘৰৰ বস্তু পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছে যদিও অতিসম্প্ৰতি পৰিয়ালৰ লোকক অৰ্থৰ অভাৱে বাৰুকৈয়ে দেখা দিছে ৷ নিজ পুত্ৰ, ভাতৃৰ চিকিৎসাৰ খৰচ ব্যয় কৰিব নোৱাৰি এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে তেওঁলোকৰ ৷

দুখীয়া পৰিয়ালৰ পুত্ৰ ৰাজেন নাথে চৰকাৰী চাকৰি বিচাৰি বিভিন্ন ইণ্টাৰভিউ আদিত অৱতীৰ্ণ হৈছিল যদিও শেহতীয়াকৈ অসম আৰক্ষীৰ পদৰ শাৰীৰিক সাক্ষাৎকাৰত উত্তীৰ্ণ হ’বলৈও সক্ষম হৈছিল ৷ তাৰ পাছৰ পৰাই শাৰীৰিক অসুস্থতাত ভুগিছিল ৰাজেন আৰু চিকিৎসকৰ ওচৰত যোৱাৰ পাছতেই পৰীক্ষা নিৰীক্ষাৰ অন্তত জানিব পাৰিছিল উদীয়মান যুৱক ৰাজেনৰ দুয়োটা কিডনীয়েই বিকল হৈ পৰিছে ৷

এতিয়া পৰিয়ালটোৰ লগতে যুৱক ৰাজেনেও হাতযোৰ কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, স্থানীয় জন প্ৰতিনিধি প্ৰমুখ্যে ৰাইজৰ ওচৰত সহায় ভিক্ষা মাগিছে যাতে তেওঁ সুস্থ হৈ নতুন জীৱন লাভ কৰিব পাৰে ৷ কোনো সদাশয় লোকে যুৱকজনক আৰ্থিক সহায়ৰ হাত আগবঢ়াব খুজিলে ৰাজেন নাথৰ জ্যেষ্ঠ ভাতৃ অনুপম নাথৰ এছবিআই একাউণ্ট নম্বৰ ৩৩৯০৬৮৫৪২৯১, আইএফএছচি কোড- এছবিআইএন০০০২০৯৯, পাঠশালা শাখাত ধন জমা দিব পাৰিব বুলি জানিবলৈ দিছে ৷

Exit mobile version