মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে পৰম্পৰাগত অংগবস্ত্ৰ পৰিধানেৰে বিধানসভা অধিবেশনত বিজেপি আৰু মিত্ৰদলৰ বিধায়ক

অধিবেশনৰ প্ৰতিটো দিনতে বিভিন্ন জনগোষ্ঠীৰ অংগবস্ত্ৰ পৰিধান কৰিব মিত্ৰদলৰ বিধায়কসকলে

Assam Legislative Assembly 2021 The budget session of the Assam

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মানি অসম বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনা আজি ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰদলৰ বিধায়কসকলে কান্ধত গামোচা লৈ বিধানসভা অধিবেশনৰ কাৰ্যসূচীত অংশ লয় । মুখ্যমন্ত্ৰী ড° শৰ্মাই বিধানসভা অধিবেশনৰ প্ৰত্যেক দিনাই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ অংগবস্ত্ৰ পৰিধান কৰিবলৈ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰদলৰ বিধায়কসকলক নিৰ্দেশ দিছিল ।

এই নিৰ্দেশ মানি শাসক পক্ষৰ বিধায়কসকলে আজি বাজেট অধিবেশনৰ প্ৰথম দিনা কান্ধত গামোচা লৈ বিধানসভা অধিবেশনৰ কাৰ্যসূচীত অংশ লোৱাৰ বিপৰীতে অহা দিনকেইটাত অসমৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত অংগবস্ত্ৰ পৰিধান কৰিব ।

বাজেট অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ অন্তত সাংবাদিকৰে হোৱা কথোপকথনত অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰীকাই এই কথা উল্লেখ কৰি কয়, “মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ অনুসৰি শাসকীয় পক্ষৰ বিধায়কসকলে বিধানসভা অধিবেশনৰ প্ৰত্যেক দিনাই অসমৰ বেলেগ বেলেগ জনগোষ্ঠীৰ পৰম্পৰাগত অংগবস্ত্ৰ পৰিধান কৰি আহিব ।”

উল্লেখযোগ্য যে যিসকল জনগোষ্ঠীৰ পৰম্পৰাগত অংগবস্ত্ৰ চলিত অধিবেশনত পৰিধান কৰিবলৈ থাকি যাব, সেয়া পৰৱৰ্তী অধিবেশনসমূহত পৰিধান কৰা হ’ব ।

Exit mobile version