সোমবাৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন, চলিব ১৩ আগষ্ট পৰ্যন্ত

parliament rep1 1625236062

অতিমাৰীৰ দ্বিতীয় ঢৌৰ পৰিস্থিতিতে ১৯ জুলাই, সোমবাৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন আৰম্ভ হ’ব । বিগত বৰ্ষৰ দৰে এইবাৰো ক’ভিড বিধি অৱলম্বন কৰিয়ে অধিবেশনৰ আয়োজন কৰা হৈছে । চলিত বৰ্ষৰ বৰ্ষাকালীন অধিবেশন আগন্তুক ১৩ আগষ্ট পৰ্যন্ত অনুষ্ঠিত হ’ব । শুকুৰবাৰে চৰকাৰীভাৱে বিবৃতি জাৰি এই কথা জনোৱা হয় ।

এই বৰ্ষাকালীন অধিবেশন সপ্তদশ লোকসভাৰ ষষ্ঠ অধিবেশন । আনহাতে, এই অধিবেশন সংসদৰ উচ্চকক্ষ অৰ্থাৎ ৰাজ্যসভাৰ ২৫৪তম অধিবেশন হ’ব । চলিত বৰ্ষৰ বৰ্ষাকালীন অধিবেশনত মুঠ ১৯ বাৰ বহিব লোকসভা আৰু ৰাজ্যসভাই ।

সংবাদ সংস্থা পিটিআই-ৰ সূত্ৰ অনুসৰি, এই পৰ্যন্ত ‌লোকসভাৰ ৪৪৪ জন সাংসদ আৰু ৰাজ্যসভাৰ ২১৮ জন সাংসদে প্ৰতিষেধক গ্ৰহণ কৰিছে । কিছুসংখ্যক সাংসদে সম্প্ৰতি ক’ভিড আক্ৰান্ত হোৱাৰ ফলত প্ৰতিষেধকৰ দ্বিতীয় পালি ল’ব পৰা নাই । প্ৰায় ৩০ জন সাংসদৰ স’তে সংসদে যোগাযোগ কৰিব পৰা নাই, ফলত তেওঁলোকে প্ৰতিষেধক গ্ৰহণ কৰিছে নে নাই গম পোৱা নাই ।

ক’ভিডৰ বাবে বিগত বৰ্ষৰ পৰা সংসদৰ কাম ব্যাহত হৈ আছে । বিগত বৰ্ষৰ বাজেট অধিবেশন, বৰ্ষাকালীন অধিবেশন আৰু চলিত বৰ্ষৰ বাজেট অধিবেশনো ততাতৈয়াকৈ সম্পন্ন কৰিবলগীয়া হৈছিল । বিগত বৰ্ষত শীতকালীন অধিবেশনো বাতিল কৰিবলগীয়া হৈছিল ক’ভিডৰ বাবে । সূত্ৰ অনুসৰি, ৪০টাতকৈ বেছি বিল আৰু পাঁচটা অধ্যাদেশৰ বিষয়ত আলোচনা বাকী আছে সংসদত ।

Exit mobile version