হাৰিয়ানাত আৰম্ভ বিবাহৰ ব্যৱসায়, পৰিয়ালৰ সন্মতিহীন সংসাৰ গঢ়ি দিয়ে বিয়াৰ দোকানে

o INDIAN WEDDING GOLD facebook

বহুতৰে ভালপােৱাত অন্তৰায় হৈ থিয় দিয়ে পৰিয়ালে। কাৰােবাক প্রাণতকৈও ভাল পােৱাৰ পাছতাে পৰিয়াল-অভিভাৱকৰ অমতত প্রেমাস্পদক বিয়া কৰােৱাটো কঠিন হৈ পৰে। কেতিয়াবা হয়তাে অভিভাৱকৰ পাত্র বা পাত্রীক চৰিত্র, আর্থিক দিশ বা নিম্ন পদবীৰ বাবে পছন্দ নহয়।

আকৌ কেতিয়াবা জাত-পাত, গােত্র আদিয়ে সামাজিক বিবাহত অন্তৰায় হৈ দেখা দিয়ে। আনকি এইবােৰ সমস্যাৰ বাবে কেতিয়াবা প্ৰেমৰ সম্পর্ক ছিন্ন হােৱাও দেখা যায়। ইয়াৰ বিপৰীতে প্ৰেমৰ সু-পৰিণতিৰ বাবে বহুতে পলাই গৈ বিবাহপাশত আবদ্ধ হােৱাৰ উদাহৰণাে অসংখ্য আছে।

অৱশ্যে তেতিয়াও বহুতৰে বিপত্তি হয়। আদালতত আইনী বৈধতা প্রাপ্ত হােৱাৰ বাবে অনেক দম্পতীয়ে নানান জটিলতাৰ সন্মুখীন হয়। অথচ পলাই গৈ বিয়া কৰােৱাৰ পাছতাে সামাজিক বিবাহৰ দৰেই স্বাভাৱিকভাৱেই যদি সকলােবােৰ হ’লহেঁতেন ?

পুৰােহিত, ঢােল-দগৰ, চেহনাই, হােম-যজ্ঞ, বিবাহ বাহৰ, বিবাহ পঞ্জীয়ন আদি সকলােবােৰ যদি প্রথা অনুসৰি হ’লহেঁতেন,তেতিয়াহ’লে বহুতৰে সুবিধা হ’লহেঁতেন। এতিয়া এই সেৱা প্ৰদানৰ বাবেই হাৰিয়ানাত আৰম্ভ হৈছে বিয়াৰ ব্যৱসায়।

বহুজনে খুলিছে ‘বিয়াৰ দোকান’। ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, হাৰিয়ানাৰ মাতা মনসা দেৱী মন্দিৰৰ পথৰ সন্মুখতে খােলা হৈছে এলানি ‘বিয়াৰ দোকান’, যিবােৰৰ উদ্দেশ্য হৈছে পলাই বিয়া কৰাবলৈ অহা প্রণয় যুগলৰ বাবে বিবাহৰ আয়ােজন কৰা।

তাত বিয়াৰ পােছাক, গহনা পর্যন্ত ভাড়াত পােৱা যায়।ইয়াৰ উপৰি নৱ দম্পতীয়ে সামাজিক বিবাহৰ দৰেই বিবাহ উৎসৱৰ পৰিৱেশত ফটোও উঠিব পাৰে আৰু আইনজীৱীৰ জৰিয়তে বিবাহৰ প্রমাণপত্রও পােৱা যায়।

অর্থাৎ এটা ‘পেকেজ’ত সম্পূর্ণ স্বাভাৱিক বিবাহৰ সকলােবােৰ আশা পূৰণ কৰিব পাৰে পলাই আহি বিবাহপাশত আবদ্ধ হােৱাসকলেও। ইয়াৰ বাবে অৱশ্যে খৰচো বেছি নহয়। পাঁচ হেজাৰ এশ টকাৰ পৰা ১৬ হেজাৰ টকাৰ পেকেজ ল’ব পাৰে যিকোনাে বিবাহপ্রার্থীয়ে ।

যাক যেতিয়া যি প্রয়ােজন হয়, পেকেজ অনুসাৰে সেইবােৰ বস্তু দোকানৰ পৰা ব্যৱহাৰ কৰিব পাৰে। কেৱল ফটো উঠাৰ পাছত সেইবােৰ ঘূৰাই দিলেই হ’ল। তাৰ পাছত নৱ দম্পতী যাব মন্দিৰলৈ। মন্দিৰত আশীর্বাদ গ্রহণ কৰিয়ে নতুন সংসাৰ আৰম্ভ কৰিব পাৰে নৱ দম্পতীয়ে।

Exit mobile version