অসমীয়া কথা ছবি “দিঠকত হেৰাল সপোন”লৈ আন এক সন্মান ই মেইল যোগে জনালে পৰিচালক পংকজ পল্লৱ শৰ্মাক

WhatsApp Image 2021 07 13 at 7.50.15 PM

মুক্তিৰ পূৰ্বেই এটাৰ পাছত আনটো সন্মান আৰু বটা পাবলৈ সক্ষম হৈছে মাকনপ্ৰিয়া প্ৰডাকচনৰ বেনাৰত নিৰ্মিত অসমীয়া কথাছবি “দিঠকত হেৰাল সপোন”এ। “লিফ্ট অৱ গ্লোৱেল নেটৱৰ্ক” ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল ২০২১ত মূখ্য শাখাত নমিনেচন লাভ কৰিছে দিঠকত হেৰাল সপোনে।

ফেষ্টিভেল আয়োজক সমিতিয়ে ইমেইল যোগে এই খবৰ জনাইছে বুলি প্ৰযোজক অজিত বৰ্মনদেৱে জানিবলৈ দিয়ে। ইতিমধ্যে কথাছবিখনে টেগুৰ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিছে। লগতে লাভ কৰিছে আন কেবাটাও পুৰস্কাৰ।

প্ৰসঙ্গক্ৰমে যোৱা ২৩ এপ্ৰিলত কথাছবিখনে অসমৰ দহটা ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল ক’ভিড মহামাৰীৰ সংক্ৰমণৰ বাবে প্ৰদৰ্শন সাময়িক ভাবে বন্ধ ৰখা হৈছে। দিঠকত হেৰাল সপোনৰ কাহিনী ৰুদ্ৰকান্ত শৰ্মাৰ । চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা পংকজ পল্লৱ শৰ্মাৰ ।

কথাছবিখন প্ৰযোজনা কৰিছে অজিত বৰ্মনে ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে মুকুল দাস, পঙ্কজ পল্লৱ শৰ্মা, নিলোৎপল শৰ্মা, দিগন্ত কুমাৰ নাথ, দ্বিজেন্দ্ৰ শৰ্মা, প্ৰাণজিৎ শৰ্মা, দিপু কাকতি ,ৰুদ্ৰ শৰ্মা, জ্যোতিৰ্ময় কলিতা, ৰাজীৱ কাকতি, ৰীন্টু কলিতা, ৰিতুমনি, মোহন কলিতা, গোপাল, ৰাকেশ, প্ৰদীপ বৰা, বিদ্যাকান্ত , তীৰ্থৰঞ্জন,পৰেশ চন্দ্ৰ বৰদলৈ, মিৰাজুল ইছলাম, ফাৰুক হুছেইন, মজিবৰ ৰহমান, প্ৰনব কুমাৰ দত্ত, প্ৰনবজ্যোতি কলিতা, ইনামূল ইছলাম, দিপেন শৰ্মা, মদন বৰ্মন, নৃপাল বৰ্মন, ধৰনী বৰ্মন, কুলেন ডেকা, দিলজিত বৰ্মন, গঙ্গা ধৰ বৰ্মন, ডাঃ প্ৰনব কুমাৰ শৰ্মা, নিৰ্মল দাস, হৰিশ তালুকদাৰ, ৰামচৰণ ভড়ালী, কন্দৰ্পেশ্বৰ শৰ্মা, যাদব কলিতা, উজ্বল ডেকা, সঞ্জীৱ ভাগবতী, ৰাজেশ মৌৰ, বিপুল তালুকদাৰ, কৌশিক, ভবেশ ডেকা,মনি বৰা, কবিতা শইকীয়া, দিপালী তামুলী, ৰিমঝীম বৰা, ৰিমঝীম শইকীয়া, ইভলীনা, ময়ুৰী, জোনালী চক্ৰবৰ্তী, ভনিতা শৰ্মা, বৰষা, বৰ্ণালী, গীতাঞ্জলী, মিনু ভড়ালী, যমুনা ডেকা, দীপা ভট্ট, পঞ্চী বৰা, পল্লবী চহৰীয়া, লভিতা, আইজনী ডেকা জয়শ্ৰী, লিচা, পৰিস্মীতা, অনিন্দিতা, অশ্বনজয়া, ছন্দানিকা বৰ্মন, বৰ্ণালী ফুকন, ভায়োলিনা কাশ্যপ, বনশ্ৰী, ধনশ্ৰী, বৃতিষা, আৰিয়ন প্ৰীয়ম, হিমানজ্যোতি, ভৃতু বি কাশ্যপ, অৰ্পিত, প্ৰাচুৰ্য, জ্যোতিৰাদিত্য আৰু জৰ্জীয়া মেধী।

ছবিখনৰ সঙ্গীত আৰু গীতৰ কথা অপূৰ্ব বেজবৰুৱা আৰু অজিত বৰ্মনে। কন্ঠশিল্পী অনিমা চৌধুৰী সুকন্যা গোস্বামী, দেবৰ্চনা কাশ্যপ আৰু অজিত বৰ্মন। আৱহ সঙ্গীত অবনী ৰঞ্জন পাঠকৰ। কাহিনী ৰুদ্ৰকান্ত শৰ্মাৰ । চিত্ৰগ্ৰহণ কৰিছে লক্ষীনাথ আৰু সদা হালৈয়ে। মেক আপ অঞ্জু কলিতাৰ।

Exit mobile version