ভয়ানক গতিৰে কৰ’না সংক্ৰমণ বৃদ্ধিত, পেপুৱা লাগিছে সমগ্ৰ ইউৰোপ

ইউ'ৰৰ শেষত পুনৰ চকু ৰঙা কৰিছে কৰ'নাই

thumbs b c 1293112a94e8432a52874a8e8d140dc8

ইউৰ’ কাপ ফুটবল শেষ হােৱাৰ লগে লগে ইউৰােপত পুনৰ চকু ৰঙা কৰি মূৰ দাঙি উঠিছে কৰ’না ভাইৰাছে। যাৰ ফলত আতংকত পেপুৱা লাগিছে সমগ্র ইউৰােপ। ইয়াৰ ভিতৰত সবাতােকৈ কাহিল অৱস্থা স্পেইনৰ। বিগত এটা সপ্তাহতে দেশখনত ক’ভিড সংক্রমণ বাঢ়িছে তিনি গুণ।

ইউৰ’ কাপকে ধৰি ইউৰােপত অনুষ্ঠিত একাধিক ক্রীড়া প্রতিযােগিতাকে ইয়াৰ বাবে দায়ী কৰা হৈছে। জুলাইৰ আৰম্ভণিৰে পৰাই ইউৰােপত সংক্রমণ বাঢ়িবলৈ আৰম্ভ কৰিছিল। অথচ তাৰ আগৰ দুমাহত কৰ’নাৰ প্রকোপ একেবাৰেই কমি গৈছিল। ইয়াৰ ফলতে ইউৰােপৰ অধিকাংশ দেশত ক’ভিড-বিধি শিথিল কৰা হয়।

আনকি মাস্ক পৰিধান, দূৰত্ব-বিধি আদিও ধোঁৱাচাঙত উঠে। একাংশ দেশত পর্যটনতাে অনুমতি প্রদান কৰা হয়। ইয়াৰ মাজতে আৰম্ভ হয় ফ্রেন্স অপেন, ইউৰ’ কাপ, উইম্বলডনকে
ধৰি একাংশ ক্রীড়া প্রতিযােগিতা।এই ক্ষেত্ৰত বিশেষজ্ঞসকলে বাৰে বাৰে সতর্ক কৰিছিল।

বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰােপ শাখাৰ মুৰব্বী হান্স ক্লগে মন্তব্য কৰিছিল যে এই দেশসমূহে সাংঘাতিক ‘ ৰিস্ক’ লৈছে।প্রতিযােগিতাসমূহ ছুপাৰ প্ৰেডাৰ’ হৈ উঠিব পাৰে বুলি সাৱধানবাণীও শুনাইছিল। যদিও আয়ােজকে সিদ্ধান্ত সলনি কৰা নাছিল।

ফলত যি হ’বলগীয়া আছিল, সেয়াই হ’ল বুলি একাংশ বিশেষজ্ঞই মত প্রকাশ কৰিছে। স্পেইনৰ নিবাসী ৪৮ বছৰীয়া জুলিঅ’ মিৰাণ্ডাই কয় যে তেওঁ অত্যন্ত আতংকত আছে। কিয়নাে এতিয়াও তেওঁ প্রতিষেধক দ্বিতীয় পালিটো লােৱা নাই। নির্দিষ্ট সময় কেতিয়া আহিব তাকে লৈ অধীৰ অপেক্ষাত থকা বুলি মহিলাগৰাকীয়ে কয়।

তেওঁৰ বাবে স্বস্তিৰ বিষয় এটাই যে স্পেইনত প্রতিষেধকৰ অভাৱ নাই। মিৰাণ্ডাই কয় যে যােৱা মাহত তেওঁৰ এজন সহকর্মী সংক্রমিত হয়। ইয়াৰ পাছতে আন এজন সহকর্মীৰ পত্নী কৰনাৰ গ্ৰাসত পৰে। এজন এজনকৈ মিৰাণ্ডাৰ পাঁচ সহকর্মী সম্প্রতি শয্যাশায়ী হৈছে। তাৰ পাছতে এদিন তেওঁৰ পেটৰ বিষ আৰম্ভ হয়।

মিৰাণ্ডাই কয়, ‘একমাত্র নিজৰ হ’লেহে মানুহে বুজিব পাৰিব যে কৰ’না কিমান ভয়ংকৰ।’ বিগত এসপ্তাহ তেওঁ হাস্পতালৰ আইচিইউত আছিল। এতিয়া আইচিইউৰ পৰা ওলালেও তেওঁ হাস্পতালতে আছে। জ্ঞান আছে যদিও অক্সিজেন লৈ থাকিবলগীয়া হৈছে।

বার্চিলােনাৰ এখন হাস্পতালৰ এজন বিষয়াই কয় যে মাজতে কিছুদিন হাস্পতালৰ সকলােৱে কিছু স্বস্তিৰ নিঃশ্বাস পেলাইছিল। এতিয়া পুনৰ হাস্পতালত ভিৰ বাঢ়িছে। জনা গৈছে যে সংক্রমণ বৃদ্ধিৰ কাৰণ এটাই।

সেয়া হৈথে ডেল্টা প্রজাতি বিশেষজ্ঞসকলৰ মতে, অতিসংক্রামক প্রজাতিটো অতি সহজে বিয়পি পৰিছে। এইবাৰ অধিক সংক্রমিত হৈছে কমবয়সীয়া লােক, যিসকলৰ টিকাকৰণ হােৱা নাই। বয়স কম হােৱাৰ বাবে আক্রান্তসকলে আইচিইউত থাকিবলগীয়া হােৱা নাই যদিও বহুতেই হাস্পতালত ভর্তি হৈছে।

চিকিৎসকসকলে জনাইছে যে ২০ৰ পৰা ৩০ বছৰ বয়সৰ ৰােগীসকলৰ শ্বাস-প্রশ্বাসৰ কষ্ট কম হৈছে। ষ্টেৰয়ডে কাম দিছে। অধিকাংশ ৰােগীয়েই হাস্পতাললৈ আহিছে।নিউমনিয়াত আক্রান্ত হৈ। স্পেইনৰ সমান্তৰালকৈ ইউৰােপৰ আন দেশসমূহৰ পৰিস্থিতিও জটিল হৈ পৰিছে।

ব্রিটেনিতাে ডেল্টা প্রজাতিৰ সংক্রমণ বাঢ়িছে। ৰাছিয়াৰ পৰাও সংক্রমণৰ খবৰ আহিছে। বিশেষজ্ঞসকলে দাবী কৰিছে যে ডেল্টাৰ সমান্তৰালকৈ সংক্রমণ বৃদ্ধিৰ অন্যতম কাৰণ হৈছে।
সমগ্র মহাদেশতে আয়ােজিত বিভিন্ন প্রতিযােগিতা।

লণ্ডন আৰু ৰাছিয়াৰ ছেইন্ট পিটার্ডবার্গৰ পৰা ইউৰ’ কাপৰ খেল উপভােগ কৰি উভতি অহা অসংখ্য দর্শকৰ শৰীৰত সংক্রমণ ধৰা পৰিছে। স্কটলেণ্ডৰ স্বাস্থ্য বিভাগে জনাইছে যে লণ্ডনত খেল উপভােগ কৰি দেশলৈ উভতি অহা এহেজাৰ ২৯৪জন লােকৰ পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে।

এই প্ৰসংগতে সম্প্রতি তুমুল সমালােচনাৰ সন্মুখীন হৈছে ইউৰােপৰ ফুটবল পৰিচালনা সংস্থা উৱেফা। প্রতিযােগিতাৰ ছেমিফাইনেল আৰু ফাইনেল উপভােগৰ বাবে ৬০ হেজাৰ দৰ্শকক ষ্টেডিয়ামত প্ৰৱেশৰ অনুমতি দিয়া হৈছে। ইয়াতে ক্ষোভ প্রকাশ কৰি জার্মানীৰ এজন মন্ত্রীয়ে কয়, ‘দায়িত্বজ্ঞানহীনতাৰ দৰে কাম কৰিছে তেওঁলােকে।

যিদৰে দৰ্শকসকলৰ ইজনে সিজনক সাৱটি ধৰিছে, উল্লাস প্রদর্শন কৰিছে তাৰ পৰা ভাইৰাছ ভয়ানকভাৱে বিয়পি পৰিব’ পাৰে।

Exit mobile version