এগৰাকী নগঞা যুৱতীৰ প্ৰকৃত অসমীয়াগিৰি

পিতৃ মাতৃ ৰোগাক্ৰান্ত : শালিতলী পথাৰত হাল বাইছে কৰিস্মিতা দাসে

“মই কাৰো ঠাট্টা মস্কৰালৈ কাণ নিদিওঁ, নিজৰ কৰ্মতহে মনোনিবেশ কৰো”

 

অসমীয়া গঞা যুৱতীয়ে কেৱল স্কুল-কলেজৰ শিক্ষাই নহয়,তাঁত ব’ব জানে,পথাৰত ভূঁই ৰুৱ জানে,হাতত কাছী লৈ দাৱনিৰ ৰূপত পথাৰত ধান কাটিবও জানে।আনকি প্ৰয়োজনত পথাৰত নাঙলৰে হালো বাব জানে,কোৰ মাৰিবও জানে । এনেদৰেই প্ৰকৃত অসমীয়াগিৰিৰ অন্যতম নিদৰ্শন হৈ পৰিছে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ননৈ কমাৰ পানী মাজ গাঁৱৰ কৰিস্মিতা দাস নামৰ এগৰাকী যুৱতী(১৮)।

এই আদৰ্শৱান যুৱতী গৰাকী হ’ল গাঁও খনৰ প্ৰভাত চন্দ্ৰ দাস আৰু প্ৰিয়লতা দাসৰ কনিষ্ঠ জীয়ৰী। তেওঁৰ কঠোৰ জীৱন সংগ্ৰাম এতিয়া সকলোৰে বাবে চৰ্চাৰ বিষয় হৈ পৰিছে। পিতৃ মাতৃৰ শাৰীৰিক অসুস্থতাৰ বাবে এতিয়া এইগৰাকী যুৱতীয়ে ঘৰৰ সমস্ত দায়িত্ব কান্ধ পাতি লৈ সকলো কামেই কৰিব লগা হৈছে।

তেঁওৰ একমাত্ৰ জেষ্ঠ ভাতৃ কৰ্মসূত্ৰে ৰাজ্যৰ বাহিৰত থাকে। দৰিদ্ৰ আৰু অসুস্থ পিতৃ মাতৃক পোহপাল দিব লাগে বুলি খবৰেই নলয় জেষ্ঠ ভাতৃয়ে । পিতৃ মাতৃৰ লগতে ঘৰত থাকে একমাত্ৰ কৰিস্মিতা।ইফালে কৰিস্মিতাৰ আন তিনি গৰাকী জেষ্ঠ ভগ্নী বিবাহ সূত্ৰে ঘৰৰ পৰা আঁতৰত থকাত পিতৃ মাতৃৰ একমাত্ৰ ভৰষাৰ স্থল এতিয়া এইগৰাকী কৰিস্মিতা দাস।

ননৈ কমলা নেহৰু ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী কৰিস্মিতা উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ ছাত্ৰী ।অসহায় ৰোগাক্ৰান্ত পিতৃ- মাতৃক পোহপাল দিবলৈ আন কাম সমূহৰ লগতে এইগৰাকী কৃষি কৰ্মৰ বাবে নিজে নাঙলৰ মুঠিত হাত লব লগা হৈছে।

পিতৃ মাতৃৰ ভক্তিৰ চুড়ান্ত নিদৰ্শন কৰিষ্মিতা নামৰ যুৱতী গৰাকীয়ে আগতেও হাল বাইছে যদিও এইবাৰ তেওঁ বেছি মাটিত হাল বাই কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছে। কৰিস্মিতাই কয়, “তলাবন্ধ পৰাই দেউতা আৰু মা অসুস্থ হৈ পৰে।দেউতা বেছিকৈ অসুস্থ হৈ পৰাত ঘৰৰ কামৰ লগতে পথাৰৰ কামো ময়েই কৰিব লগীয়া হৈছে। শালি ধানৰ খেতিৰ বাবে মই পাঁচ বিঘা মাটিত আলি বান্ধি হাল বাই মাটি চহ কৰি,মৈ মাৰি কঠিয়া ৰুবৰ বাবে সাজু কৰি তুলিছো। এতিয়া কঠিয়া তুলি আছো।এদিন-দুদিনৰ পাছতেই পথাৰত কঠিয়া ৰুম ।”

কৰ্মোদ্যমী ছাত্ৰী গৰাকীয়ে আৰু কয়, “মই অকল হাল বোৱাই নহয়,কঠিয়া তোলা, ভূই ৰৰোৱা ,গছ কটা,তাতশাল বোৱা ,খৰি ফলা আদি সকলো কামতেই পাৰ্গত ।পথাৰত মই তাগিদাতহে হাল বাবলৈ বাধ্য হৈছো।মোক পৰিস্থিতিয়ে বাধ্য কৰিছে। কিছুমান মানুহে মোক ঠাট্টা মস্কৰা কৰে যদিও মই কাৰো ঠাট্টা মস্কৰালৈ গুৰুত্ব নিদিও,নিজৰ কামতহে মনোনিবেশ কৰো। মই খেলা ধূলাও কৰো।যোগাত মই জিলা পৰ্যায়ত খেলি মেডেল পাইছো।মোৰ প্ৰৱল ইচ্ছা এগৰাকী দৌৰবিদ হোৱাৰ ।”

কৰিস্মিতাই লোকগীত, বৰগীত, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, খগেন মহন্তৰ গীতত অতি সুন্দৰ কন্ঠ নিগৰাব পাৰে । যুৱতী গৰাকীয়ে যোগাসন কৰি সকলোকে আকৰ্ষিত কৰিব পাৰে।যোগাসন কৰি খ্যাতি অৰ্জন কৰিবৰ বাবে ৰাজ্যৰ বাহিৰত যোৱাৰ সুবিধা লাভ কৰাৰ পাছতো একমাত্ৰ আৰ্থিক দুৰৱস্থাৰ বাবে এয়া সম্ভৱ হৈ উঠা নাই।

তেওঁ অতি দুখেৰে কয়, “আমি চৰকাৰী সকলো সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছো। এতিয়াও আমি পঞ্চায়তৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী বাসগৃহ,অনাময় আঁচনিৰ শৌচাগাৰ, মহাত্মা গান্ধী এনৰেগা আঁচনিৰ জৱকাৰ্ড নাপালো। আনকি মায়ে অৰুনোদয় আঁচনিৰ সুবিধাও লাভ নকৰিলে। মাত্ৰ এখন ৰেচন কাৰ্ডৰ বাহিৰে একোৱেই পোৱা নাই ।”

ইয়াৰ লগতে কৰিস্মিতাই পুনৰ কয় , “এতিয়া মই চাৰিটা ল’ৰা ছোৱালীক টিউচন কৰি,দুজন মানক যোগাসন শিকাই যি কেইটা টকা পাওঁ তাৰেই ঘৰখন চলাই আছো।মা-দেউতাৰ সামান্য চিকিৎসা কৰি আছো।এই মাহতে আমাৰ পৰীক্ষাৰ ৰিজাল্ট দিব। কিন্তু টকাৰ অভাৱৰ বাবেই হয়তো মোৰ পঢ়াত বাধা আহি পৰিব।কলেজত পঢ়িবলৈ ইমান টকা কেনেকৈ যোগাৰ কৰিম। সেয়েহে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ স্থানীয় বিধায়ক জিতু গোস্বামীক অনুৰোধ জনাইছো, যাতে মোক অলপ সহায় কৰে ।”

এইগৰাকী কৰ্মমূখী যুৱতী তথা পিতৃ মাতৃৰ প্ৰতি থকা ভক্তিয়ে এতিয়া সকলোৰে অন্তৰ চুই গৈছে। উল্লেখ যে, একাংশ পুত্ৰ আৰু জীয়ৰীয়ে বহু ধন উপাৰ্জন কৰাৰ পাছতো পিতৃ ,মাতৃক অনাথ আশ্ৰমত থয় বা ঘৰত থাকিলেও আলায়,আথানি কৰি ৰাখে ।যাৰ বাবে নিজৰ পুত্ৰ বা জীয়ৰীৰ হাততে পিতৃ মাতৃ লাঞ্চিত ,বঞ্চিত হব লগা হয়।কিন্তু এই গৰাকী যুৱতীয়ে পিতৃ মাতৃক পোহপাল দিবলৈ যি কঠোৰ জীৱন সংগ্ৰাম কৰিব লগা হৈছে, এতিয়া এই যুৱতী গৰাকী সকলোৰে বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে।

যুৱতীগৰাকীয়ে কয়, “মই কামলৈ লাজ নকৰো, কষ্টলৈকো ভয় নকৰো। মা-দেউতাৰ দুখ কষ্ট নিৰাময়ৰ বাবে মই আৰু কষ্ট কৰিবলৈ সাজু আছো। কিন্তু মই পঢ়াৰ লগতে খেলাধূলাও কৰি যাব বিচাৰো, সেয়েহে মই চৰকাৰৰ পৰা কিঞ্চিৎ সহাৰ বিচাৰিছো ।”

Exit mobile version