ঘৰত জেঠীয়ে আমনি কৰিছে নেকি ? ব্যৱহাৰ কৰক এইকেইটা ঘৰুৱা উপায়

563d600a82b46

★ পিয়াজ, নহৰুৰ গোন্ধ একেবাৰে পছন্দ নহয় জেঠীৰ । গতিকে যদি সম্ভৱ হয়, ঘৰৰ বিভিন্ন প্ৰান্তত পিয়াজ বা নহৰু ৰাখিব পাৰে। জেঠী পলাই যাব ।

★ ধপাত গুৰি কৰি ডাঠ পেষ্ট বনাই ইয়াক সৰু বলৰ ৰূপত বনাই লওক। তাৰ পাছত ইয়াক সেই ঠাইবোৰত ৰাখক য’ত অধিক জেঠী ঘূৰি ফুৰে। ইয়াৰ ফল পাব হাতে হাতে ।

★ জেঠীবোৰে নেপথেলিনৰ তীব্ৰ গোন্ধ সহ্য কৰিব নোৱাৰে। গতিকে যদি আপুনি নেপথেলিনক সেই ঠাইবোৰত ৰাখক য’ত জেঠী বেছিকৈ ঘূৰি ফুৰে, জেঠী ঘৰৰ পৰা পলাই যাব।

★ বটল এটাত পানী লওঁক আৰু কেইচামুচ মান জালুক গুৰি আৰু শুকান জলকীয়া গুৰি একেলগে মিহলি কৰক আৰু ইয়াক জেঠী থকাৰ ঠাইত স্প্ৰে কৰক। আপুনি সোনকালেই ইয়াৰ ফল পাব।

★ সদায় ঘৰটো পৰিষ্কাৰ ৰাখিব লাগে। সম্ভৱ হ’লে প্ৰতিদিনে বীজাণুনাশক তৰল পদাৰ্থ দি ঘৰটো মচিব লাগে। এনে কৰিলে জেঠীৰ লগতে অন্যান্য পোক-পতংগও ঘৰত কম প্ৰৱেশ কৰিব।

★ ঘৰটো সজাবলৈ আপুনি ফুলদানিত ময়ূৰৰ পাখিও ৰাখিব পাৰে। ই আপোনাৰ ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে জেঠীৰ পৰাও বাচি যাব।

Exit mobile version