প্ৰতিষেধক প্ৰদানৰ নীতি সলনি কৰিলে থাইলেণ্ডে

np file 79731

থাইলেণ্ডৰ চৰকাৰে নিজৰ প্ৰতিষেধক নীতিত ব্যাপক পৰিৱৰ্তন সাধন কৰিলে। দেশখনৰ স্বাস্থ্য মন্ত্রণালয়ে প্রকাশ কৰা অনুসৰি, যিসকল লােকে চীনত তৈয়াৰী চিন’ভেক প্রতিষেধকৰ প্রথম পালি লাভ কৰিছিল, তেওঁলােকক এতিয়া দ্বিতীয় পালি হিচাপে অক্সফ’ৰ্ডৰ এষ্ট্রাজেনেকা প্রতিষেধক প্রদান কৰা হ’ব।

বিশ্ব স্বাস্থ্য সংস্থাই এজন ব্যক্তিক দুপালি পৃথক প্রতিষেধক প্রদান কৰাৰ পৰিণতি বিষম হ’ব পাৰে বুলি ইতিমধ্যে সকীয়াই দিছে যদিও থাইলেণ্ড চৰকাৰে প্রথম পর্যায়ত চিন’ভেক প্রদান কৰা লােকসকলক এষ্ট্রাজেনেকাৰ দ্বিতীয় পালি প্রতিষেধক প্রদানৰ সিদ্ধান্ত ল’লে।

চীনা প্রতিষেধক ক’ভিড প্ৰতিৰােধত বিশেষ কার্যকৰী নােহােৱা বুলি অভিযােগ উত্থাপিত হােৱাৰ পাছত থাইলেণ্ডৰ স্বাস্থ্য বিভাগে এই প্রতিষেধক পূর্বে প্রদান কৰা ব্যক্তিক দ্বিতীয় পালি এষ্ট্রাজেনেকাৰ প্ৰতিষেধক প্ৰদানৰ সিদ্ধান্ত ল’লে।

Exit mobile version