বাতৰিৰ স্বত্বক লৈ গােচৰ, চাৰি হেজাৰ কোটিৰ জৰিমনা বিহিলে গুগলক

Google building scaled 1

ফ্রান্সত বৃহৎ পৰিমাণৰ জৰিমনা বিহা হ’ল গুগলক। মঙলবাৰে ফ্ৰান্সৰ বাণিজ্যিক প্রতিযােগিতা নিয়ন্ত্রক সংস্থাই ঘােষণা কৰা অনুসৰি, বাতৰিৰ স্বত্বৰ নিয়ম ভংগ কৰাৰ বাবে বিশ্বৰ আগশাৰীৰ ছার্চ ইঞ্জিন গুগলে ভাৰতীয় মুদ্রাত প্রায় চাৰি হেজাৰ কোটি টকাৰ জৰিমনা ভৰিব লাগিব।

ইউৰােপীয় ইউনিয়ন নির্দিষ্ট স্বত্ব আইন অনুসৰি, গুগলে বিভিন্ন সংস্থাৰ স’তে ভৰসাযােগ্য বাণিজ্য নীতি বৰ্তাই ৰাখিবলৈ সক্ষম নােহােৱাত এই বৃহৎ পৰিমাণৰ জৰিমনা ছার্চ ইঞ্জিনটোক বিহা হ’ল। ইতিহাসত ইমান বৃহৎ পৰিমাণৰ জৰিমনা ইয়াৰ পূর্বে ক’তাে বিহা হােৱা নাছিল।

গুগলক জৰিমনা বিহাৰ লগতে নির্দেশ দিয়া হৈছে যে বর্তমানে বিভিন্ন সংবাদ সংস্থাৰ যিসমূহ বাতৰি গুগলে পৰিবেশন কৰিছে, ইয়াৰ বাবদ নির্দিষ্ট পৰিমাণৰ ধন গুগলে আদায় দিব লাগিব। অন্যথা দৈনিক ৯০ হেজাৰ ইউৰ’ গুগলে আদায় দিব লগা হ’ব পাৰে।

ফ্রান্সৰ বাণিজ্যিক প্রতিযােগিতা নিয়ন্ত্রক সংস্থাৰ এই ৰায়ত হতাশা প্রকাশ কৰিলে গুগলে। এক বিবৃতিত ছার্চ ইঞ্জিনটোৱে কয়, ‘সমগ্র প্রক্রিয়া চলাৰ সময়ত আমি বিশ্বাসযােগ্য বাণিজ্যিক সম্পর্ক বৰ্তাই ৰাখিছিলাে।

আমাৰ এনে ব্যৱহাৰৰ দিশটো বিশ্লেষণ কৰি চোৱা নহ’ল। তদুপৰি আমাৰ প্লেটফৰ্মত যিসমূহ খবৰ দৃশ্যমান হয়, সেই বিষয়টোও সংস্থাই ভালদৰে বিশ্লেষণ কৰি চোৱা নাই।’ উল্লেখ্য যে দীর্ঘদিন ধৰি বিভিন্ন সংবাদ প্রকাশন সংস্থা আৰু গুগলৰ মাজত গােচৰ চলি আহিছে।

এইসমূহ প্রকাশন সংস্থাই দাবী কৰা অনুসৰি, গুগলে ছার্চ ইঞ্জিনৰ জৰিয়তে যিসমূহ খবৰ, ছবি, ভিডিঅ’ প্রদর্শন কৰি আহিছে সেইসমূহ প্ৰকৃততে অন্য প্রকাশন বা প্রযােজনা সংস্থাই প্রস্তুত কৰা; কিন্তু গুগলে ইয়াৰ বাবদ সংশ্লিষ্ট সংস্থাসমূহক কোনাে ধন আদায় নিদিয়ে।

অনলাইন বাণিজ্যৰ ক্ষেত্ৰত ই সঠিক নহয় বুলি দাবী কৰি বিভিন্ন সংবাদ সংস্থাই গুগলৰ বিৰুদ্ধে অভিযােগ উত্থাপন কৰি আহিছে। গুগলে এনে অভিযােগ অস্বীকাৰ কৰি কয় যে ছার্চ ইঞ্জিনত কোনাে খবৰ প্রত্যক্ষ কৰি সেইসমূহত ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে ক্লিক কৰি খবৰৰ সংশ্লিষ্ট ৱেবছাইট বা উৎসত প্রৱেশ কৰে।

ফলত ৱেবছাইটৰ ট্ৰেফিক’ বৃদ্ধি পায়। তদুপৰি কৰ’না কালত বিভিন্ন সংবাদ সংস্থাক পৃথককৈ গুগলে বিত্তীয় সাহায্য আগবঢ়াইছিল; কিন্তু গুগলৰ এই দাবী মানি ল’বলৈ অস্বীকাৰ কৰিলে কে’বাটাও আন্তর্জাতিক সংবাদ প্রতিষ্ঠানে।

এইসমূহ প্রতিষ্ঠানে দাবী কৰি কৈছিল যে ছার্চ ইঞ্জিনটোত যিসমূহ বিজ্ঞাপন প্রচাৰ কৰা হয়, ইয়াৰ বাবদ গুগলে লাভ কৰা ধনৰ অংশ তেওঁলােকে বিচাৰে। তদুপৰি স্বত্ব থকা সা-সামগ্রী ছার্চ ইঞ্জিনটোৱে প্ৰদৰ্শন কৰিলেও ইয়াৰ বাবদ পৃথক মুনাফা সংবাদ প্রতিষ্ঠানসমূহক আদায় দিব লাগিব।

এই গােচৰত বিচাৰ চলাই ফ্ৰান্সৰ বাণিজ্যিক প্রতিযােগিতা নিয়ন্ত্রক সংস্থাই গুগলক বৃহৎ পৰিমাণৰ জৰিমনা বিহিলে।

Exit mobile version