লণ্ডনত “বিশেষ বঁটা”ৰে উজ্জ্বলি উঠিল “বেলকনিত ভগৱান”

WhatsApp Image 2021 07 14 at 5.28.28 PM

যোৱা চাৰি জুলাইৰ পৰা ১১ জুলাইলৈ লণ্ডনত অনুষ্ঠিত ২২ সংখ্যক ৰেইনবো চলচ্চিত্ৰ মহোৎসৱত অসমীয়া চলচ্চিত্ৰ “বেলকনিত ভগৱান” (গড অন দা বেলকনি)-এ ৰেইনবো ছ’চাইটিৰ “বিশেষ বঁটা” লাভ কৰিছে ৷

ADVERTISEMENT

এই মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে ইৰানৰ “ছাডেনলি ট্ৰী” নামৰ চলচ্চিত্ৰখনে৷ যোৱা ন জুলাইত লণ্ডনৰ ব্ৰাডি আৰ্টছ চেণ্টাৰত প্ৰদৰ্শিত হৈছিল বিশ্বজিত বৰা পৰিচালিত আৰু ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ প্ৰযোজক নুৰুল চুলতানে প্ৰযোজনা কৰা চলচ্চিত্ৰখন ৷

বিশ্বৰ ১৪ খন দেশৰ মুঠ ১৫ টা ভাষাত নিৰ্মিত ৩০ খন চলচ্চিত্ৰ লণ্ডনৰ ৰেইনবো চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতাত অংশ লৈছিল ৷ উল্লেখযোগ্য যে বেলকনিত ভগৱান চলচ্চিত্ৰখনে ইয়াৰ আগতো দেশে বিদেশে সন্মান লাভ কৰাৰ লগতে প্ৰশংসা লভিছে ৷

Exit mobile version