ভাৰতত মাত্র পাঁচ শতাংশ টিকাকৰণহে সম্পন্ন হ’ল কিন্তু ইতিমধ্যে ক’ভিড বিধিক জলাঞ্জলি দিলে

৫০ শতাংশ টিকাকৰণৰ পাছতাে বিভিন্ন দেশত বৃদ্ধি সংক্রমণ

AI

বিশ্বজুৰি বিভিন্ন দেশত কৰ’না ভাইৰাছৰ নতুন সংক্রমণ যথেষ্ট বৃদ্ধি পাইছে। উদ্বেগজনক কথাটো হ’ল বিশ্বৰ যিসমূহ দেশত ইতিমধ্যে অর্ধেকাংশ নাগৰিকৰ টিকাকৰণ সম্পন্ন হ’ল, সেই সমূহত দেশতে কৰ’নাৰ সংক্রমণ সম্প্রতি সর্বাধিক হৈছে।

একাংশ দেশে টিকাকৰণৰ পাছত তলাবন্ধ প্রত্যাহাৰৰ বাবে সাজু হৈও কৰ’নাৰ পুনৰ ব্যাপক সংক্রমণত ক’ভিড বিধি কঠোৰ কৰিবলৈ বাধ্য হৈছে। ব্রিটেইনত ৫১ শতাংশ দেশবাসীয়ে ক’ভিডৰ দুপালি আৰু ৬৮ শতাংশ নাগৰিকে প্রথম পালি প্রতিষেধক লাভ কৰিছে।

কিন্তু এইখন দেশত যােৱা শুকুৰবাৰে ৩৫ হেজাৰৰাে অধিক লােক কৰ’নাত আক্রান্ত হৈছিল আৰু বিগত পাঁচদিন ধৰি ৩০ হেজাৰৰ অধিক লােক আক্রান্ত হৈ আহিছে। ইজৰাইলত ৬০ শতাংশ নাগৰিকে দুপালি আৰু ৬৬ শতাংশই এপালি প্রতিষেধক লাভ কৰিছে।

এইখন দেশত বিগত তিনিদিন ধৰি এহেজাৰৰ অধিক লােক ক’ভিডত পুনৰ আক্ৰান্ত হৈছে। স্পেইনত ৪৫ শতাংশ নাগৰিকে দুপালি আৰু ৫৯ শতাংশ নাগৰিকে এপালি প্রতিষেধক লাভ কৰিছে।

এইখন দেশতাে যথেষ্টসংখ্যক লােক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে।আমেৰিকাত ৪৯ শতাংশই দুপালি আৰু ৭৭ শতাংশ নাগৰিকে এপালি প্রতিষেধক লাভ কৰিলে।

দেশখনত যােৱা সপ্তাহত প্রতিদিনে গড়ে ১৯ হেজাৰ লােক কৰ’নাত আক্রান্ত হৈছিল। বিশ্বৰ প্ৰায়বােৰ দেশতে প্রতিষেধকৰ বহুল প্রয়ােগৰ পাছতাে কৰ’নাৰ সংক্রমণ নিয়ন্ত্রণ কৰাটো এতিয়াও সম্ভৱ হােৱা নাই।

এইসমূহ দেশৰ তুলনাত ভাৰতত মাত্র পাঁচ শতাংশ নাগৰিকেহে ক’ভিডৰ দুপালি প্রতিষেধক লাভ কৰিছে। দেশৰ প্রায় ৩৮ কোটি নাগৰিকে ক’ভিডৰ কমেও এপালি প্রতিষেধক লাভ কৰিছে।

ইমান কম টিকাকৰণৰ পাছতাে দেশৰ বহু অঞ্চলত ইতিমধ্যে ক’ভিড বিধিক জলাঞ্জলি দিয়া হৈছে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, মাত্র পাঁচ শতাংশ টিকাকৰণ সম্পন্ন হােৱা ভাৰতে ক’ভিডৰ সম্ভাৱ্য তৃতীয়টো টৌ প্ৰতিৰােধ কৰিবলৈ হলে অধিক সতর্কতা আৰু সংযম অৱলম্বন কৰাটো অত্যন্ত জৰুৰী।

Exit mobile version