ভাৰতীয় দলৰ দুজন খেলুৱৈৰ দেহত পোৱা গৈছে কৰ’না ভাইৰাচৰ অৱস্থিতি। যদিও তেওঁলোকৰ এজন কৰ’না নিগেটিভ হৈ দললৈ উভতি আহিছে, আন এজন এতিয়াও পজিটিভ।
তথ্য অনুসৰি কৰ’নাত আক্ৰান্ত ক্ৰিকেটাৰজন হৈছে ভাৰতীয় দলৰ তাৰকা উইকেটকিপাৰ বেটছমেন ঋষভ পণ্ট। বৃহস্পতিবাৰে দলটোৰ স’তে ডাৰহাম যোৱা নাই খেলুৱৈগৰাকী । বৰ্তমান লণ্ডনত এজন বন্ধুৰ ঘৰত আইছ’লেচনত আছে ঋষভ।
সূত্ৰসমূহে কয় যে ঋষভ পণ্ট কৰ’নাত আক্ৰান্ত হৈছে আৰু বৰ্তমান ইংলেণ্ডৰ এজন আত্মীয়ৰ ঘৰত আইছ’লেচনত আছে। কিন্তু সকাহৰ খবৰ এই যে তেওঁ সুস্থ হৈ আছে আৰু উপসৰ্গহীন। ঋষভ পণ্টৰ দেওবাৰে পুনৰ কৰ’না পৰীক্ষা কৰা হ’ব। যদি ফলাফল নেতিবাচক হয়, তেওঁ ডাৰহামত ভাৰতীয় দলৰ শিবিৰত যোগদান কৰিবলৈ সক্ষম হ’ব।
কিছুদিনৰ আগতে লণ্ডনৰ ৱেম্বলী ষ্টেডিয়ামত ইংলেণ্ড আৰু জাৰ্মানী খেল চাবলৈ গৈছিল। দৰ্শকে ভৰপূৰ সেই ষ্টেডিয়ামত বন্ধুবৰ্গৰ স’তে খেল চাব গৈছিল ঋষভ। সেই খেলখনত তোলা ফটোত মাস্ক পৰিধান নকৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল পণ্ট আৰু তেওঁৰ বন্ধুবৰ্গ। সেই খেলত উপস্থিত থকাৰ পাছতে তেওঁ কৰ’নাত আক্রান্ত হোৱা বুলি ধাৰণা কৰা হৈছে ।
ঋষভ পণ্টৰ উপৰিও যশপ্ৰীত বুমৰাহ আৰু হনুমা বিহাৰী ইউৰো ২০২০ ৰ খেল চাবলৈ ৱেম্বলীলৈ গৈছিল। প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়েও উইম্বলডন খেল চাবলৈ গৈছিল। সকলো ভাৰতীয় ক্ৰিকেটাৰ আৰু সদস্যক ইতিমধ্যে বিচিচিআইয়ে ডাৰহামৰ প্ৰস্তুতি শিবিৰত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে।