এইবাৰ মানৱ দেহৰ অংগ সৰবৰাহকাৰীৰ কৱলত তিনিচুকীয়াৰ এজন ব্যক্তি

তিনিচুকীয়াৰ শ্ৰীপুৰীয়াত ভাড়াতীয়া হিচাপে থকা ত্ৰিপুৰাৰ অৰূপ কুমাৰ সিনহা নামৰ এজন লোকে কিডনী বিক্ৰী কৰাৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে ।

ADVERTISEMENT

কভিড’ৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসনে জাৰি কৰা তলাবন্ধ ,কাৰ্ফিও আদিৰ বাবে আৰ্থিকভাৱে জুৰুলা হোৱাৰ বাবেই কিডনী বিক্ৰীৰ কথা উল্লেখ কৰিছে পৰিয়ালৰ লোকে ।

অন্যহাতে,অৰূপ কুমাৰৰ পত্নীয়ে স‌ংবাদ মাধ্যমক জনোৱা অনুসৰি কে’বাটাও মাইক্ৰ ফাইনেন্স কোম্পানীৰ ঋণৰ বোজা থকাৰ লগতে অসুস্থ দেহৰ চিকিৎসাৰ বাবে পৰিয়ালটোৰ স’তে মানৱ অংগ সৰবৰাহকাৰীৰ স’তে যোগাযোগ কৰাই দিছিল পম্পী নামৰ এগৰাকী মহিলাই ।

ইফালে, সৰ্বমুঠ চাৰিলাখ টকাৰ বিনিময়ত অৰূপ কুমাৰ সিনহাই কিডনী বিক্ৰী কৰিবলৈ সৈমান হৈছিল যদিও মাত্ৰ দুই লাখ টকাহে লাভ কৰিছে পৰিয়ালটোৱে ।

সমগ্র ঘটনা পোহৰলৈ অহাৰ পাছতে ব্যক্তিজনৰ ঘৰত হিজুগুৰিত আৰক্ষী চকীত উপস্থিত হৈ অৰূপ কুমাৰ সিনহাক সুধা পুছাৰ বাবে থানালৈ অনাৰ লগতে আৰম্ভ কৰিছে তদন্ত ।

Exit mobile version