ৰাষ্ট্ৰসংঘৰ মুৰব্বী গুটাৰেছৰ তথ্য

বিশ্বত ক’ভিড টিকাকৰণৰ বাবে প্রয়ােজন ১১ বিলিয়ন প্রতিষেধক

732063

ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এন্টনীয় গুটাৰেছে প্রকাশ কৰা অনুসৰি, বিশ্বৰ ৭০ শতাংশ জনসংখ্যাৰ টিকাকৰণৰ বাবে ১১ বিলিয়ন অর্থাৎ ১,১০০ কোটি পালি প্রতিষেধক প্রয়ােজন হ’ব।

ৰাষ্ট্ৰসংঘৰ মুৰব্বীজনে বিশ্বৰ বিভিন্ন ব্যক্তি-প্রতিষ্ঠান আৰু চৰকাৰে টিকাকৰণৰ বাবে আগবঢ়োৱা পুঁজি আৰু প্রতিষেধকৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি লগতে কয় যে এয়া পর্যাপ্ত হৈ উঠা নাই।

বিশ্বৰ সকলাে দেশতে ব্যাপক টিকাকৰণ অভিযান চলােৱাৰ প্ৰয়ােজন আছে বুলিও গুটাৰেছে মন্তব্য কৰে। ৰাষ্ট্ৰসংঘৰ মুৰব্বীজনে কৰ’না ভাইৰাছৰ সংক্রমণ প্রতিৰােধৰ ক্ষেত্ৰত ব্যাপক নমুনা পৰীক্ষণ আৰু উচিত চিকিৎসা প্রদানত গুৰুত্ব আৰােপ কৰে।

দৰিদ্ৰ দেশসমূহক পর্যাপ্ত পৰিমাণৰ প্রতিষেধক যােগান ধৰিবলৈকো গুটাৰেছে বিশ্বৰ উন্নত দেশসমূহক পুনৰ আহ্বান জনায়৷

তেওঁ লগতে কয় যে আগন্তুক সময়ত এই ভাইৰাছ অধিক সংক্রামক আৰু ঘাতক হৈ উঠিব পাৰে আৰু সেয়েহে বিশ্বৰ বৃহৎ সংখ্যক জনসংখ্যাৰ তৎকালীন টিকাকৰণ কৰাটো অত্যন্ত জৰুৰী হৈছে।

Exit mobile version