শক্তিশালী হৈছে ভাৰতীয় নৌসেনা, আমেৰিকাৰ পৰা অৰ্ডাৰ দিয়া হৈছে ২৪ খন হেলিকপ্টাৰ

login bg

শক্তি বৃদ্ধি হৈছে ভাৰতীয় নৌসেনাৰ। আমেৰিকাৰ পৰা অনা হৈছে অত্যাধুনিক আৰু বৃহৎ পৰিমাণৰ শক্তিচালিত এমএইচ-৬০ আৰ মাল্টি-ৰোল হেলিকপ্টাৰ । প্ৰথমে দুখন হেলিকপ্টাৰ বৰ্তমান হাতত আছে। ভাৰতে বহুমুখী ক্ষমতাসম্পন্ন এনে ২৪ খন হেলিকপ্টাৰৰ অৰ্ডাৰ দিছে। এই হেলিকপ্টাৰৰ অন্তৰ্ভুক্তিয়ে নৌসেনাক অধিক শক্তিশালী কৰিব।

আমেৰিকাই শুক্ৰবাৰে ভাৰতক দুখন এমএইচ-৬০আৰ হেলিকপ্টাৰ হস্তান্তৰ কৰে। ছান ডিয়েগোত আমেৰিকা নৌসেনা ঘাটিত এই হেলিকপ্টাৰৰ হস্তান্তৰ হয় । তাত উপস্থিত আছিল আমেৰিকা ভাৰতৰ ৰাষ্ট্ৰদূত তৰণজিৎ সিং সান্ধু । হেলিকপ্টাৰখন হস্তান্তৰ কৰাৰ পাছত সান্ধুৱে কয়, “ভাৰত-আমেৰিকা বন্ধুত্ব আন এক নতুন পৰ্যায়ত উপনীত হৈছে। “

২৪০ কোটি ডলাৰৰ চুক্তিত আমেৰিকা লকহিডঃ মাৰ্টিন -কে ২৪খন এমএইচ -৬০ আৰু হেলিকপ্টাৰৰ অৰ্ডাৰ দিয়ে ভাৰতে। এমএইচ-৬০ আৰ হেলিকপ্টাৰসকলো বতৰৰ পৰিস্থিতিৰ স’তে খাপ খাবলৈ সক্ষম। এই হেলিকপ্টাৰে যিকোনো ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰে। ২০২০ চনৰ ফেব্ৰুৱাৰীত ডনাল্ড ট্ৰাম্প আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হোৱাৰ সময়ত ভাৰতে হেলিকপ্টাৰ ক্ৰয়ৰ চুক্তি স্বাক্ষৰ কৰিছিল।

Exit mobile version