অন্তঃসত্বা হৈছে কৃতি শ্বানন !

untitled 1582047102

কৰ’না কালতে অন্তঃসত্ত্বা হৈ সন্তান জন্ম দিলে বলিউদৰ অভিনেত্রী অনুষ্কা শর্মা, কৰীণা কাপুৰ খান, দিয়া মির্জা আদিয়ে।এইবাৰ হেনাে মাতৃ হ’বলৈ ওলাইছে বলিউদৰ নৱ প্ৰজন্মৰ জনপ্রিয় অভিনেত্রী কৃতি শ্বাননে। তাকো আকৌ ছাৰ’গেচীৰ মাধ্যমেৰে।

অর্থাৎ আনৰ সন্তান কৃতীয়ে নিজৰ গৰ্ভত ধাৰণ কৰিছে ধনৰ বিনিময়ত। এতিয়া আকৌ শুনা গৈছে বলিউদৰ প্রতিভাশালী অভিনেতা পংকজ ত্রিপাঠীয়ে সেই সন্তানৰ পিতৃত্বও দাবী কৰিছে। কৃতি এতিয়াও বিবাহপাশত আবদ্ধ হােৱা নাই।

গতিকে এই বাতৰিয়ে স্বাভাৱকতে সকলােকে স্তম্ভিত কৰিছিল। তাতে বলিউদৰ বৰ্তমানৰ আগশাৰীৰ নায়িকাৰূপে কৃতিৰ ধনৰ অভাৱ নাই । গতিকে তেওঁনাে আকৌ ধনৰ বাবে কিয় গর্ভ ভাড়া দিবলৈ যাব ? অৱশ্যে কৃতি অন্তঃসত্ত্বা হােৱাৰ খবৰ সঁচা নহয়, বৰঞ্চ ৰূপালী পর্দাৰ বাবেহে তেওঁ সেই ৰূপ ধাৰণ কৰিছে।

‘মিমি’ নামৰ ছবিখনত কৃতিয়ে নাম ভূমিকাত অভিনয় কৰিছে । লক্ষ্মণ উটেকাৰে পৰিচালনা কৰা ছবিখনৰ আনটো মুখ্য ভূমিকাত অভিনয় কৰিছে ভিন্নসুৰী চৰিত্ৰত অভিনয়ৰ বাবে জনপ্রিয় পংকজ ত্রিপাঠীয়ে। ছবিখনত কৃতিয়ে এগৰাকী ৰাজস্থানী নৃত্যশিল্পীৰ চৰিত্ৰত অভিনয় কৰিছে।

টেক্সী চালক ভানুৰ চৰিত্ৰ ৰূপায়ণ কৰিছে পংকজে। সেই ভানুৱেই ছাৰ’গেচীৰ মাধ্যমেৰে অন্তঃসত্ত্বা হৈ ধন উপার্জনৰ প্ৰস্তাৱ দিয়ে মিমি (কৃতি)ক। সেই প্রস্তাৱত মিমি ৰাজিও হয়। অৱশ্যে তেওঁ সন্তানসম্ভৱা হােৱাৰ পাছতে সমস্যাৰ সৃষ্টি হয়।

যি বিদেশী দম্পতীয়ে ছাৰ’গেচীৰ প্রস্তাৱ দিছিল, তেওঁলােকে হঠাতে সিদ্ধান্ত সলনি কৰাত মিমি বিপাঙত পৰে। এফালে সমাজৰ লাঞ্ছনা, আনফালে পৰিয়ালৰ তিৰস্কাৰ। এই দুই সমস্যাৰ মাজত পৰি হঠাৎ মিমিয়ে সকলােকে ক’লে যে ভানুৱেই তেওঁৰ সন্তানৰ পিতৃ।

ইয়াৰ পাছতে সৃষ্টি হয় আন এক সমস্যা। এই ঘটনাক লৈ নির্মিত ছবিখনে অহা ৩০ জুলাইত নেটফ্লিক্সত মুক্তিলাভ কৰিব। কৃতি আৰু পংকজৰ উপৰি ছবিখনত অভিনয় কৰিছে মনােজ পাহােৱা, স্মিতা জয়কাৰ, সুপ্রিয়া পাঠক আৰু মাৰাঠী অভিনেত্রী ছাই তামহানকাৰে।

Exit mobile version