আফগানিস্তানলৈ উভতি আহিছে যৌনদাসীৰ প্রথা

বিয়া কৰাবলৈ ১৫-৪৫ বছৰীয়া পাত্রী বিচাৰি জাননী তালিবানৰ

3450

ৰাজতন্ত্রৰ পৰা তালিবানৰ মােল্লাতন্ত্র। বিগত দিনত আফগানিস্তানৰ পট সঘনাই সলনি হৈ আহিছে। সম্রাট মহম্মদ জাহিৰ শ্বাহৰ আমােলত গােলাপী স্কার্ট পৰিধান কৰা আফগান সুন্দৰীৰ পৰা আৰম্ভ কৰি তালিবানৰ শাসনত বােখা পৰিহিতা নাৰীৰ সন্ত্রস্ত দুচকু বন্দী হৈছে বহু ফটোগ্রাফাৰৰ কেমেৰাত।

ধৰ্মৰ নামত এচাম উন্মাদৰ বৰ্বৰতাৰ সঘনাই বলি হৈ আহিছে আফগান মহিলাসকল। মাজতে পৰিস্থিতি কিছু স্বস্তিদায়ক হৈছিল যদিও এতিয়া ভৰিৰ তলৰ মাটি পুনৰ ঘূৰাই পােৱাৰ উপক্রম ঘটাৰ সময়তে নিজৰ স্বৰূপ উদঙাই দেখুৱালে তালিবানে।

নিজৰ দখলত থকা অঞ্চলৰ পৰা পছন্দ অনুসৰি যৌনদাসী বাছি লােৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে এই সন্ত্রাসবাদীসকলে। আফগানিস্তানৰ পৰা আমেৰিকাৰ সেনাবাহিনী আঁতৰি যােৱাৰ লগে লগে পুনৰ সক্রিয় হৈ পৰে তালিবান। ইতিমধ্যে দেশখনৰ প্রায় ৮০ শতাংশ অঞ্চল নিজৰ দখললৈ নিয়া বুলি সন্ত্রাসবাদী সংগঠনটোৱে দাবী কৰিছে।

স্বাভাৱিকতে বিপাঙত পৰি সেইবােৰ অঞ্চলৰ পৰা চৰকাৰী বাহিনীয়ে আঁতৰিবলৈ আৰম্ভ কৰিছে। তালিবানে ইতিমধ্যে ইৰান,পাকিস্তান,উজবেকিস্তান, তাজাকিস্তান সীমান্তৱর্তী একাধিক অঞ্চল নিজৰ দখললৈ নিছে। অৱশ্যে আফগান সেনায়াে প্রত্যাক্রমণ চলাই অঞ্চলসমূহ পুনৰুদ্ধাৰৰ প্রচেষ্টা চলাই আছে বুলিও কাবুল প্রশাসনে জনাইছে।

সম্প্রতি নিজৰ দখলত থকা চহৰসমূহত তালিবান সাংস্কৃতিক আয়ােগে ধর্মগুৰুসকলক উদ্দেশ্য কৰি এক নির্দেশনামা জাৰি কৰিছে। এই নির্দেশনামাত কোৱা হৈছে, ‘তালিবান যােদ্ধাসকলে বিয়া পতাৰ বাবে পাত্রী লাগে। পাত্রীসকলৰ বয়স ১৫ বছৰৰ উৰ্ধত হ’ব লাগিব। অথবা বিধৱা হ’লে ৪৫ বছৰৰ তলত হ’ব লাগিব।

তেওঁলােকক বিয়া কৰাই পাকিস্তানৰ ৱাজিৰিস্তানলৈ নিয়া হ’ব। তাত সকলােৱে ইছলাম ধর্ম গ্রহণ কৰিব লাগিব।’ আন্তর্জাতিক সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পােৱাৰ লগে লগে আফগানিস্তানত তােলপাৰ লাগিছে। সম্প্রতি দেশখনৰ পৰিয়ালসমূহ তালিবানৰ এই নির্দেশত ভয়ত কাতৰ হৈ পৰিছে।

এইবাৰ বলপূর্বক ঘৰৰ তৰুণীসকলক তালিবান সন্ত্রাসবাদীসকলে অপহৰণ কৰি নিয়াৰ আশংকা কৰিছে সকলাে পৰিয়ালে। ইফালে, বিশ্লেষকসকলে মন্তব্য কৰিছে যে আফগানিস্তানত তালিবানৰ শাসন দীঘলীয়া হ’লে আফগান মহিলাসকলৰ জীৱনলৈ ভয়াৱহ অন্ধকাৰ নামি আহিব।

জেহাদৰ নামত সন্ত্রাসবাদীসকলৰ যৌন লালসা পূৰণৰ বাবে তৰুণীসকলক যৌনদাসীত পৰিণত কৰা হ’ব। বিশেষকৈ অ-মুছলমান মহিলাসকলৰ অৱস্থা অধিক শােচনীয় হ’ব বুলিও বিশ্লেষকসকলে ধাৰণা কৰিছে। বহুতে আশংকা কৰিছে যে তালিবানী ফতােৱাৰ ফলত আফগান মহিলাসকলৰ অৱস্থা প্রায় নাডিয়া মুৰাৰ দৰে হৈ পৰিব পাৰে।

উল্লেখ্য যে ছিৰিয়াত ইছলামিক ষ্টেট বা আইএছ সন্ত্রাসবাদীৰ যৌনদাসীৰূপে নাডিয়া কে’বা মাহ ধৰি গণ-ধর্ষিতা হৈছিল। এই জহন্নামতে থাকি থাকি এইদৰেই এদিন মৃত্যুবৰণ কৰিব লাগিব বুলিও তেওঁ প্রায় নিশ্চিত হৈ পৰিছিল। অৱশ্যে সেই নাৰকীয় জীৱনৰ পৰা নাডিয়াই এদিন নাটকীয়ভাৱে মুক্তি লাভ কৰে। তাৰ পাছত বহু দূৰ আগুৱাই গৈ নাডিয়া সম্প্রতি ৰাষ্ট্ৰসংঘৰ শুভেচ্ছা দূতৰূপে নিয়ােজিত হৈ আছে।

Exit mobile version