গেষ্ট্ৰিকৰ সমস্যাত ভুগিছে নেকি? ব্যৱহাৰ কৰক এইসমূহ ঘৰুৱা পদ্ধতি

Smarter Health Gastric Pain Relief Tips 768x401 1

ব্যস্ত জীৱন যাপন বাবে বহুলোকে এতিয়া গেষ্ট্ৰিক (এচিডিটি) সমস্যাত ভোগে। এইটো এটা সাধাৰণ সমস্যা হৈ পৰিছে। প্ৰয়োজনতকৈ কম টোপনি আৰু দৈনন্দিন ৰুটিনত সঘনাই পৰিৱৰ্তন ৰখাৰ ফলত শৰীৰত বিভিন্ন সমস্যা হ’ব পাৰে, যাৰ ভিতৰত আছে গেষ্ট্ৰিক। যদি আপোনাৰ গেষ্ট্ৰিক সমস্যা আছে, ৰাতিপুৱা খোজ কঢ়া আৰু শাৰীৰিক ব্যায়াম হৈছে সৰল পৰামৰ্শ। অৱশ্যে, আপুনি ঘৰত কেইটামান ঘৰুৱা প্ৰতিকাৰত এই সমস্যাৰ মোকাবিলা কৰিব পাৰে।

গেষ্ট্ৰিক সমস্যা? ব্যৱহাৰ কৰক এই সমূহ ঘৰুৱা উপায় …….

আজৱাইন

পেটৰ সমস্যা ভাল কৰাত আজৱাইনৰ এক ডাঙৰ লাভালাভ আছে। ইয়াত থাইমল অন্তৰ্ভুক্ত থাকে, যি হজম কৰাত সহায় কৰে। যদি গেছৰ সমস্যা হয়, গৰম পানীত আধা চাহ চামুচ আজৱাইন মিহলি কৰি খায় এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।

জিৰা

জিৰা গেষ্ট্ৰিককে ধৰি পেটৰ বিভিন্ন সমস্যা ভাল কৰাত সহায় কৰে। ইয়াত এনে উপাদান থাকে যি লেলাৱতি গ্ৰন্থিক উদ্দীপিত কৰে। দুই কাপ পানীত এক চামুচ জিৰা গুটি মিহলি কৰি ১০-১৫ মিনিটৰ বাবে উতলাই ঠাণ্ডা কৰি খাওক । দেখিব আপোনাৰ সমস্যা সমাধান হৈছে।

আদা

আদাৰ স’তে মিহলি ৰঙা চাহ খালে গেষ্ট্ৰিক সমস্যা নিৰাময় কৰিব পাৰে। একাপ পানীত আদা যোগ দি ভালদৰে উতলাওই অলপ ঠাণ্ডা কৰি খালে গেষ্ট্ৰিক সমস্যা সমাধান হয়।

হিং

গেষ্ট্ৰিক সমস্যাত হিং অতি উপকাৰী। এগিলাচ গৰম পানীত হিং মিহলি কৰি খালে এচিডিটি উপশম কৰাত সহায় কৰে।

কলা জালুক

এচিডিটিৰ সমস্যাত ক’লা জালুক অতি উপযোগী । ক’লা জালুকৰ স’তে মিহলি ৰঙা চাহ খোৱাটোৱে গেছৰ সমস্যা ৰক্ষা কৰাত সহায় কৰে।

ডালচেনী

গেষ্ট্ৰিক সমস্যা দূৰ কৰাত ডালচেনিয়ে এক কাৰ্যকৰী ভূমিকা পালন কৰে। ডালচেনিৰ স’তে মিহলি ৰঙা চাহ খালে পেটৰ সমস্যাৰ পৰা সকাহ পাব পাৰে।

Exit mobile version