ৰাজ্যত প্ৰতি দিনে বাঢ়ি অহা ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ হৈছে অসম চৰকাৰ আৰু আৰক্ষী । যোৱা দুমাহত প্ৰায় ১৬৩ কোটি টকাৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে । সম্প্ৰতি এই জব্দ কৰা ড্ৰাগছসমূহৰ দাহন কাৰ্যসূচী চলোৱা হৈছে ।
হোজাইত অনুষ্ঠিত ড্ৰাগছ দাহন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, ‘যোৱা কালি ৰাতিপুৱা আমি গোলাঘাটত জব্দ কৰা ড্ৰাগছসমূহ আদালতৰ সন্মতি সাপেক্ষে ৰাজহুৱাভাৱে দাহন কৰিছিলো । যোৱা কালি গধূলি আমি ডিফুত দাহন কৰিছিলো আৰু আজি ৰাতিপুৱা আমি নগাঁৱত এই জব্দকৃত ড্ৰাগছ দহন কৰিছো । হোজাইত আমি ড্ৰাগছ জব্দ কৰিম অৰ্থাৎ চেণ্ট্ৰেল ৰেঞ্জৰ অধীনত যিমান সংখ্যক জিলা আছিল গোটেইকেইখন জিলাতে আমাৰ ড্ৰাগছ দাহন কাৰ্যসূচী দুদিনত সম্পূৰ্ণ কৰিছো ।’
মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা দুমাহত জব্দ কৰা ড্ৰাগছৰ খাতিয়ান দি কয়, ‘যোৱা দুমাহে আমি বহুত প্ৰচেষ্টা চলাইছো অসম আৰক্ষীৰ সহযোগত মে’ৰ ১০ তাৰিখৰ পৰা ১৫ জুলাই লৈকে আমি ড্ৰাগছৰ ৮,৭৪টা গোচৰ ৰুজু কৰিছো । এহেজাৰ চাৰিশ ৯৩ জনক গ্ৰেপ্তাৰ কৰিছো । ২০ কিলোগ্ৰাম হিৰইন, ৮৭০ কেজি গাঞ্জা, ১৪ কেজি আফিয়াম, ৬৭,৬৫০ কফছীৰাপ, ১২,৯৩,৬২৮টা টেবলেট, দুই কেজি মৰফিন, ৩,৩১৪ কেজি পপিষ্ট্ৰ, ক্ৰিষ্টাইল মেটামাইন তিনি কেজি, নগদ ধন এক কোটি ন লাখ ২৮ হেজাৰ ৭৬২ টকা, ১৩,৬৩০ টকাৰ ফৰেইন কাৰেন্সি, ফেক ইণ্ডিয়ান কাৰেন্সি ৬,৮০০ টকা আমি ড্ৰাগছ ব্যৱসায়ীসকলৰ পৰা জব্দ কৰিছিলো ।’
তেওঁ লগতে কয় যে, প্ৰায় ৩১ বিঘা কেনা বীজৰ খেতি ধ্বংস কৰা হৈছে । যোৱা দুমাহত ১৬৩ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে । এই জব্দ কৰা ড্ৰাগছখিনি সম্পূৰ্ণ ড্ৰাগছ ব্যৱসায়টোৰ ১০-২০ শতাংশহে হ’ব ।
মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে, ড্ৰাগছৰ ফলত অসমৰ একো একোটা পৰিয়াল ধ্বংস হৈ গৈছে । অসম আৰক্ষীৰ এনে প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক ধন্যবাদ আৰু অভিনন্দন জনায় । লগতে অনুৰোধ জনায় যে, দিনে নিশাই চেষ্টা কৰি অসমৰ পৰা ড্ৰাগছ সৰবৰাহৰ লাইন বিচ্ছিন্ন কৰিব লাগে ।
তেওঁ স্বাস্থ্য আৰু সমাজ কল্যাণৰ স’তে জড়িত লোকসকলক কয়, স্বাস্থ্য আৰু সমাজ কল্যাণৰ স’তে জড়িত লোকসকলে ড্ৰাগছ আসক্তসকলক নিচামুক্ত হোৱাত সহায় কৰিব লাগে । আজি হোজাইত ন্যায়ালয়ৰ সন্মতি সাপেক্ষে তিনি কেজি ২৪০ গ্ৰাম হিৰইন দহন কৰা হয় ।