কোৱাৰেণ্টাইন হ’ল প্ৰধানমন্ত্ৰী বৰিছ জনছন

2021 07 18T144444Z 1 LYNXMPEH6H093 RTROPTP 3 HEALTH CORONAVIRUS BRITAIN 1626620969672 1626621270127

ক’ডিড পজিটিভ স্বাস্থ্যমন্ত্ৰী ছাজিদ জাভেদৰ সংস্পৰ্শত অহাৰ পাছতে দেওবাৰে কোৱাৰেণ্টাইন হ’ল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন আৰু বিত্তমন্ত্ৰী ঋষি ছুনাক । প্ৰাথমিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে এই সময়ছোৱাত কেৱল জৰুৰী চৰকাৰী কামহে কৰিব দুই মন্ত্ৰীয়ে । যাক লৈ তীব্ৰ বিতৰ্ক আৰম্ভ হোৱাত মত পৰিৱৰ্তন কৰিবলৈ বাধ্য হয় ডাউনিং ষ্ট্ৰিট ।

বিৰোধীসকলে চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে, ‘সমগ্ৰ দেশৰ বাবে এটাই নীতি হ’লেও তেওঁলোকৰ বাবে পৃথক নিয়ম ।’ ইয়াৰ পাছতেই দুয়োজনে কোৱাৰেণ্টাইনত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে । প্ৰধানমন্ত্ৰীৰ বিভাগৰ তৰফৰ পৰা এক বিবৃতিত কোৱা হয়, ‘সম্প্ৰতি তেওঁ চেকাৰ্ছত আছে । তাতেই কোৱাৰেণ্টাইনত থাকিব জনছন ।’

স্বাস্থ্যমন্ত্ৰী ছাজিদে শনিবাৰে টুইট কৰি তেওঁৰ ক’ভিড পৰীক্ষণৰ ৰিপ’ৰ্ট পজিটিভ অহাৰ বিষয়ে জনাইছিল । তেওঁ জনায় যে, সামান্য উপসৰ্গ আছে । সম্প্ৰতি কোৱাৰেণ্টাইনতে থাকিব । লগতে তেওঁ কেবিনেটত তেওঁৰ সংস্পৰ্শত অহা বাকী মহন্ত্ৰীসকলো আক্ৰান্ত হোৱাৰ শংকা প্ৰকাশ কৰে । অৱশ্যে ইয়াৰ পূৰ্বেই ব্ৰিটেইনৰ নেচনেল হেল্থ ছাৰ্ভিছেছ (এন‌এইচ‌এছ)ৰ ‘টেষ্ট এণ্ড ট্ৰেছ ছিষ্টেম’ৰ তৰফৰ পৰা জনছন আৰু ছুনাকৰ স’তে যোগাযোগ কৰা হৈছিল বুলি সংশ্লিষ্ট সূত্ৰৰ খবৰ ।

প্ৰসংগত, সোমবাৰৰ পৰা তলাবন্ধ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ব্ৰিটেইনত । এই দিনটোৰ পৰাই কৰ’না সংক্ৰান্ত বহু বিধিনিষেধ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা ‌হৈছিল বাবে দিনটোক ‘ফ্ৰিডম দে’ হিচাপে অভিহিত কৰিছিল । সেইদিনাই কোৱাৰেন্টাইনত যাব লগা হয় ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনে । ইয়াকে লৈ তীব্ৰ কটাক্ষ কৰিছে বিৰোধীসকলে ।

Exit mobile version