গো-সুৰক্ষা বিধেয়কে ৰাজ্যত অশান্তি আনিব বুলি মন্তব্য তৃণমূল কংগেছৰ নেতা আব্দুল জলিল তালুকদাৰৰ

ঘৰে ঘৰে মদ নহয় দুখীয়াৰ বাবে খাদ্য-বস্ত্ৰ যোগান ধৰক চৰকাৰে

অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সদস্য তথা প্ৰাক্তন জিলা পৰিষদ সদস্য এ জলিল তালুকদাৰে আজি জনীয়াত সংবাদমেল সম্বোধন কৰি উত্থাপিত গো সুৰক্ষা বিধেয়ক সন্দৰ্ভত কে’বাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

ADVERTISEMENT

তথাকথিত খিলঞ্জীয়া মুছলমান সকলে যাতে এই বিল খনৰ কোনো বিৰোধিতা নকৰে তাৰ কাৰণে পূৰ্ব পৰিকল্পিত ভাৱে খিলঞ্জীয়া মুছলমানৰ ১৫০ গৰাকী বুদ্ধিজীৱিৰ লগত বৈঠক কৰি নিশ্চুপ ৰখাত কৌশল বুলি মন্তব্য আগবঢ়ায় তালুকদাৰে।

হিন্দু ধৰ্মীয় অনুষ্ঠানৰ পৰা ৫০০ মিটাৰ আঁতৰত গৰু কটাৰ অনুমতিৰ দাবী তালুকদাৰৰ। ঠিক তেনেদৰে ৰাজ্যত ৩৪ শতাংশ মুছলমানে ঘৃণা কৰা গাহৰিৰ ক্ষেত্ৰতো একে ধৰণৰ আইন অনাৰ পোষকতা কৰে নেতাগৰাকীয়ে।

বৰপেটাৰ সাংসদ আব্দুল খালেকক এই সমস্যা সন্দৰ্ভত সংসদত উত্থাপন কৰিবলৈ আহ্বান জনায়। অসমীয়াৰ লগত অন্তকৰণেৰে বিলীন হ’ব বিচৰা ধৰ্মীয় সংখ্যালঘুক বাৰে বাৰে টাৰ্গেট কৰি ল’লে অসমীয়া ভাষালৈ অনাগত দিনত সংকট নামি আহিব পাৰে বুলি আজিৰ সংবাদমেলত বিস্ফোৰক মন্তব্য আগবঢ়ায় তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সদস্য গৰাকীয়ে।

ঘৰে ঘৰে মদ যোগান ধৰা সন্দৰ্ভত নেতা গৰাকীয়ে কয় যে, ঘৰে ঘৰে মদ নহয় দুখীয়াৰ বাবে খাদ্য-বস্ত্ৰ যোগান ধৰক চৰকাৰে। তৃণমূল কংগেছৰ নেতা গৰাকীয়ে ধৰ্মৰ নামত বিভাজন বাদ দি সম-বিতাৰণ,সম-উন্নয়নেৰে অসমখন উজলাই তুলিবলৈ চৰকৰক আহ্বান জনায় ।

লগতে তালুকদাৰে চৰকাৰক সকীয়াই দি কয় যে প্ৰশাসনৰ ওপৰত নাগৰিক সতাশাগ্ৰস্থ হ’লেই বিদ্ৰোহৰ জুই জ্বলি উঠে ।

Exit mobile version