দ্বিতীয় বাৰৰ বাবে মাতৃ হবলৈ ওলাইছে অভিনেত্ৰী নেহা, বেবী বাম্পৰ ছবি শ্বেয়াৰ কৰিলে অভিনেত্ৰীগৰাকীয়ে

p7vtqe68 neha dhupia angad

তিনিজনৰ পৰা চাৰিজন হবলৈ সাজু হৈছে নেহা ধুপিয়া আৰু অঙ্গদ বেদী । অতি শীঘ্ৰেই দ্বিতীয় সন্তানৰ মাতৃ হবলৈ ওলাইছে নীহা। তাৰকা দম্পতীহালে সোমবাৰে পুৱা ইনষ্টাগ্ৰামৰ জৰিয়তে সকলোৰে স’তে এই ভাল খবৰটো শ্বেয়াৰ কৰিছে।

নেহা আৰু অঙ্গদে জীয়েক মেহৰ বেদী ধুপিয়াৰ স’তে ফটোশ্বুট কৰিছে আৰু তেওঁলোকে সেই ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। অভিনেত্ৰীগৰাকীৰ বেবী বাম্প তাত স্পষ্ট হৈছে।

এই ছবিখনৰ জৰিয়তে যেন নিজৰ ভৱিষ্যত আঁকিছে তাৰকা দম্পতীয়ে । এই ফটোখনৰ স’তে নেহাই লিখিছে, ‘দুদিন ধৰি ভাবি আছো যে কি লিখিম। সকলোতকৈ সুন্দৰ যি মনলৈ আহিছে সেইয়া হ’ল -ধন্যবাদ ঈশ্বৰ। ‘

তাৰকাসকলে হ’ব লগা পিতৃ-মাতৃসকলক শুভেচ্ছা জনাইছে। হৰ্ষদীপ কৌৰ, ছফি চৌধুৰী আৰু ছানিয়া মিৰ্জাই তাৰকা দম্পতীক প’ষ্টটোৰ কমেণ্ট বক্সত ভালপোৱা জনাইছে ।

নেহা আৰু অঙ্গদে ২০১৮ চনত বিবাহ পাশত আৱদ্ধ হয়। কিন্তু অভিনেত্ৰীগৰাকীৰ বিয়াৰ আগতে এটা সন্তান হৈছিল। ফলস্বৰূপে তেওঁলোকে কোনো বিশেষ পৰিকল্পনা অবিহনে বিবাহ পাশত আৱদ্ধ হয়। তেতিয়াই জীয়ৰী মেহৰ তেওঁলোকৰ জীৱনলৈ আহিছিল। নেহা আৰু অঙ্গদে এতিয়াৰ বাবে নতুন অতিথিৰ বাবে অপেক্ষা কৰি থকা দিনবোৰ গণনা কৰি আছে।

Exit mobile version