নগাঁও-কাৰ্বিআংলং সীমান্তবাসীৰ জীয়াই থকাৰ আৰ্তনাদ

এগৰাকী গৰ্ভৱতী মহিলাক ঠেলাৰে নিলে ৪০ কিলোমিটাৰ দূৰৰ চিকিৎসালয়লৈ

গৰ্ভৱতী পত্নীৰ জীৱন ৰক্ষাৰ বাবে যেন আজি পাহাৰৰ মাজত এক সংগ্ৰামত নামি পৰিছে এজন স্বামী৷ জিৰছং ইংতিৰ কৰুণ আৰ্তনাদে আজি কঁপনি তুলিছে কাৰ্বি পাহাৰত।

যন্ত্ৰণাকাতৰ গৰ্ভৱতী পত্নীক কোলাত তুলি, ঠেলাৰে ঠেলি পাহাৰীয়া পথেৰে ৪০ কিলোমিটাৰ পথ অতিক্ৰমী কৰি চিকিৎসালয়ত উপস্থিত হৈ নগাঁও-কাৰ্বিআংলং সীমান্তৰ ৰংবংৱে বিবিয়া ক্ৰ গাঁৱৰ জিৰছং ইংতিয়ে কান্দি কান্দি চৰকাৰক কৈছে- ’হাতযোৰ কৰিছো, আমাক টকাপইচা নালাগে, পাহাৰীয়া ৰঙামাটিৰ পথটো ভাল কৰি দিয়ক৷

পাহাৰীয়া জুৰিৰ ওপৰৰ দলংকেইখন সাজি দিয়ক৷ ইয়াৰ দ্বাৰাই যাতে আমি আমাৰ মা-দেউতাৰ লগতে মোৰ পত্নীৰ দৰেই আন সকলো ৰোগীকো সোনকালেই চিকিৎসালয়লৈ আনি জীয়াই তুলিব পাৰো৷’চৰকাৰী আঁচনিৰ প্ৰয়োজন আমাক নাই। কষ্ট কৰি খাটিখোৱা মানুহ আমি৷ এনেকৈয়ে খাম৷ একমাত্ৰ ৰাষ্টাতো ভাল কৰি দিয়ক৷’

এনেদৰেই আজি জীয়াই থকাৰ তাড়নাত আৰ্তনাদ কৰি উঠিছে নগাঁও- কাৰ্বিআংলং দূৰ্গম সীমান্তৰ তথা পাহাৰীয়া জিলাখনৰ অন্তৰ্গত বৃহত্তৰ ৰং-মং-ৱে বিবিয়া ক্ৰ গাৱঁৰ এজাক মানুহে৷

সীমান্তত পথ-পানী-পোহৰ বিচাৰি অৰ্ধশতিকা ধৰি এখন যুঁজত অৱতীৰ্ণ হৈ হাহাকাৰ কৰি কান্দি উঠিছে এজাক মানুহে৷ কাৰ্বি সীমান্তবাসীৰ প্ৰাপ্য অধিকাৰ বিচাৰি হাহাকাৰ কৰি উঠা এখন শতিকাজোৰা যুঁজৰ জীয়া ছবি আজি পোহৰলৈ আহিছে৷

আজিৰ দিনটোতে গৰ্ভৱতী মহিলাক হাজাৰ যন্ত্ৰণাৰ মাজতো পাহাৰীয়া জুৰি, ৰঙামাটিৰ বোকাময় পথ, বাঁহৰ সাঁকো ডাংকোলাকৈ পাৰ কৰাই আকৌ কিছু পথ ঠেলাত তুলি ৪০ কিলোমিটাৰ দূৰত্বৰ চিকিৎসালয়লৈ কঢ়িয়াই অনাৰ দূখজনক দৃশ্যই হৃদয়বানৰ চকু সেমেকাই তুলিছে৷

ইয়াৰ লগেলগে উদঙাই তুলিছে পাহাৰতে যুগেযুগে বাস কৰি এক স্বকীয়তাৰ পৰিচয় দিয়া কাৰ্বিআংলংবাসীৰ প্ৰতি প্ৰতিখন চৰকাৰৰ দায়বদ্ধতা আৰু কাৰ্বি স্বায়ত্ত্বশাসিত পৰিষদৰ সদ্দিচ্ছাৰ ফোপোলা স্বৰূপ৷

নগাঁও জিলাৰ গাতে লাগি থকা কাৰ্বি আংলং জিলাৰ ৰং-মং-ৱে বিবিয়া ক্ৰ গাৱঁৰ হীনতা তথা পথৰ দুৰৱস্থাৰ বাবেই এগৰাকী গৰ্ভৱতী মহিলাক পাহাৰীয়া সুৰুকীয়া পথত ডাংকোলাকৈ আনি পুনৰ ঠেলাৰে চিকিৎসালয়লৈ আনিবলগা ছবিখনে পাহাৰীয়া জিলাখনৰ লগতে সীমান্তবাসীৰ উন্নয়ণৰ প্ৰকৃত ছবিখন দেখুৱাই দিছে কাৰ্বি আংলংত।

উল্লেখ্য যে, পাহাৰীয়া ৰঙামাটিৰ বোকাময় পথচোৱাত বহুকেইটা পাহাৰীয়া খৰস্ৰোতা জুৰি আছে যদিও ইয়াৰ ওপৰত নাই এখনো দলং৷ যাৰ ফলস্বৰূপে কাৰ্বিআংলঙৰ এইসকল বাসিন্দাই কলিয়াবৰ মহকুমাৰ জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ ৰোগীক এনেদৰেই দীৰ্ঘদিন ধৰি আনিব লগা হৈছে।

কিন্তু কানসাৰ নাই কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ। এইক্ষেত্ৰত পথটোৰ লগতে এখন দলং নিৰ্মাণত দাবী তুলিছে লোকসকলে। প্ৰকৃততে কিমান উন্নয়ণ হৈছে কাৰ্বি আংলংত? এই প্ৰশ্নৰ উত্তৰ বিচাৰি কাৰ্বিআংলং সীমান্তৰ এই অঞ্চলত ভৰি থওতে সেই অঞ্চলৰে মেনসিং টেৰণ নামৰ লোকজনে কয়- ’উন্নয়ন আমাৰ বাবে সপোনৰ নিচিনা৷ জন্ম হোৱাৰে পৰা পাহাৰৰ ৰঙামাটিৰ পথেৰে অহাযোৱা কৰোতেই শেষ হৈছে আমাৰ জীৱন৷ ৰোগ মানেই ইয়াত যেন নিশ্চিত মৃত্যু৷’

গাঁওখনৰে এগৰাকী মহিলাগৰাই কয়- ’বেমাৰ হ’লেতো আমাৰ জীয়াই থকাৰ আশাই শেষ হৈ যায়৷ ইমান দূৰৰ হস্পিতাললৈ গৈ পাই পাই মানে মানুহ মৰিয়েই যায়৷ ল’ৰাছোৱালীৰ ভাল স্কুল-কলেজলৈ পঠোৱাতো আমাৰ বাবে বহুত টান কাম৷ সিহঁতৰ পঢ়িবৰ বাবেও কাৰেণ্ট নাই৷ খোৱাপানীৰো বহু সমস্যা আছে ইয়াত৷ এতিয়াও বহু মানুহে মাটিকুঁৱাৰ পানী খায়েই জিয়াই আছে৷’

এয়া যেন কাৰ্বিপাহাৰৰ কৰুণ গাঁঠা৷ ইয়াৰ মাজতে আজি গৰ্ভৱতী পত্নীক ঠেলাত তুলি জিৰছং ইংতি নামৰ স্বামীগৰাকীয়ে চকুলো টুকি টুকি চিকিৎসালয়লৈ লৈ যোৱা দৃশ্যই এইসকল খাটিখোৱো জনতাক চৰকাৰী যন্ত্ৰৰ লগতে পৰিষদে শতিকাজুৰি কৰি অহা বঞ্চনাৰ ছবিখন পৰিষ্ফুত কৰি তুলিছে৷

Exit mobile version