সুমেৰুত দেখা গ’ল বিৰল বজ্ৰপাতৰ দৃশ্য

গােলকীয় উষ্ণতাৰ বাবেই এই ঘটনা সংঘটিত হােৱাৰ দাবী বিজ্ঞানীৰ

আকাশত কলীয়া ডাৱৰ আৰু ঘনাই বিদ্যুতৰ চমকনি। হঠাৎ তীব্র পােহৰৰ জলক আৰু কাণ তাল মৰা বজ্ৰপাতৰ শব্দ। এনে দৃশ্য গ্রীষ্মপ্রধান অঞ্চলৰ বাবে অপৰিচিত নহয়। অথচ সুমেরু অঞ্চলত এই দৃশ্য দেখা পােৱাটো সৌভাগ্যৰ কথা।

তাকো আকৌ একেৰাহে তিনিটা বজ্ৰপাতৰ দৃশ্য। এনে বিৰল দৃশ্য প্রত্যক্ষ কৰি পৰিৱেশবিদসকলাে বিস্মিত হৈ পৰিছে। অৱশ্যে তেওঁলােকৰ বাবে গােলকীয় উষ্ণতাই ইয়াৰ বাবে দায়ী।

লগতে পৰিৱেশবিদসকলে দাবী কৰিছে যে যিহেতু পৃথিৱীৰ তাপমাত্রা বাঢ়িয়েই আছে, সেয়ে এই ঘটনা আৰু সুমেরু অঞ্চলত আগন্তুক দিনত বিৰল হৈ নাথাকিব। বিগত সপ্তাহৰ শেষত দেখা গ’ল ছাইবেৰিয়াৰ পৰা উত্তৰৰ আলাস্কা পর্যন্ত পােহৰৰ জিলিকিনি বিয়পাই বিদ্যুতৰ খেলা।

সুমেৰুৰ আকাশত এনে দৃশ্য প্রত্যক্ষ কৰি ইডি প্লাম্ব নামৰ এজন পৰিৱেশবিদে কয়, ‘পৰিৱেশবিদসকলে এনে ঘটনা কেতিয়াও দেখা নাই। ‘আচলতে মেৰু অঞ্চলত বিশেষকৈ যি সময়ত চৌদিশ বৰফে সম্পূৰ্ণৰূপে ঢাকি ৰাখে, সেই সময়ত বিদ্যুৎ সৃষ্টি কৰিব পৰাকৈ তাপ তৈয়াৰ কৰাই কঠিন হৈ পৰে।

সেয়ে এই অঞ্চলৰ আকাশত এনে দৃশ্য দেখা নাযায় বুলিলেও ভুল নহয়। অৱশ্যে বিজ্ঞানীসকলে মন্তব্য কৰিছে যে পৰিস্থিতি এতিয়া দ্রুতগতিৰে সলনি হৈছে। গােলকীয় উষ্ণতাৰ কবলত পৰি যিভাৱে মেৰু অঞ্চলতাে তাপমাত্রা বৃদ্ধি পাইছে, সেই কাৰণেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।

পৰিসংখ্যা অনুসৰি, ২০১০ স’তে তুলনা কৰিলে পৰিষ্কাৰভাৱে বুজা যায় যে বিগত এটা দশকত এই অঞ্চলত বজ্রপাত, বিজুলীৰ চমক প্রায় তিনি গুণ বৃদ্ধি পাইছে। সেয়ে একালত যিটো অতি বিৰল আছিল, এতিয়া সি কেৱল বিৰলত পৰিণত হৈছে।

ইয়াৰ পাছত হয়তাে নিয়মিত ঘটনাত পৰিণত হ’ব। সেয়াও কেৱল সময়ৰ অপেক্ষা বুলিয়ে পৰিৱেশবিদসকলে উদ্বিগ্নতাৰে জনাইছে। পৰিৱেশবিদৰ মতে, এই পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে মেৰু সংলগ্ন অঞ্চলতাে। সম্প্রতি ছাইবেৰিয়াৰ পার্শ্বৱর্তী অঞ্চলৰ জংঘলত দাবানলৰ ঘটনা আগতকৈ বহু পৰিমাণে বাঢ়িছে।

বিগত এটা সপ্তাহতে প্রায় ২০ লাখ একৰ ভূমিত জুই লাগিছিল। অৱশেষত ৰাছিয়াৰ সেনাবাহিনীৰ প্ৰচেষ্টাত সেই জুই নিয়ন্ত্রণলৈ আহে। বিগত জুনত আলাস্কাতাে বজ্ৰপাতৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈছিল তুন্দ্রা অঞ্চলৰ ১৮ হেজাৰ একৰৰাে অধিক ভূমিত।

Exit mobile version