‘কভী কভী’ ‘চিলচিলা’ৰ পাছত এইবাৰ ‘চেহৰে’ত কবিতা পাঠ অমিতাভৰ

untitled 8

বলিউডৰ দুখন বিখ্যাত চলচ্চিত্র ‘কভী কভী’ আৰু ‘চিলচিলা’ত মহাতাৰকা অভিনেতা অমিতাভ বচ্চনে ক্রমে গীতিকাৰ ছাহিৰ লুধিয়ানভি আৰু জাভেদ আখতাৰে ৰচনা কৰা শ্বায়েৰী পাঠ কৰি অনুৰাগীসকলক নিজৰ কণ্ঠৰে মােহিত কৰিছিল।

আজি অমিতাভে চলচ্চিত্র পাঠ কৰা এই কবিতা যথেষ্ট জনপ্রিয়। সুদীর্ঘ বিৰতিৰ পাছত পুনৰ এখন নতুন ছবিত কবিতা পাঠ কৰিলে মহাতাৰকা অভিনেতাজনে।

অমিতাভে অভিনয় কৰা নির্মীয়মান ‘চেহৰে’ ছবিখনত কবিতা পাঠ কৰিব। চেহৰে পৰিচালনা কৰিছে ৰুমী। জাফিয়ে। সোমাবাৰে মুম্বাইত অমিতাভে কবিতা পাঠ কৰাৰ দৃশ্যগ্রহণ পৰিচালকগৰাকীয়ে সম্পন্ন কৰে।

উল্লেখ্য যে অমিতাভে পাঠ কৰা এই কবিতাটো ছবিখনৰ পৰিচালক ৰুমী জাফ্রিয়ে ৰচনা কৰিছে। অমিতাভৰ লগতে ‘চেহৰে’ত অভিনয় কৰিছে ৰিয়া চক্ৰৱৰ্তী, ইমৰান হাছমি, অনু কপুৰ, ক্রিষ্টেল ডিছুজা, ৰঘুবীৰ যাদৱ আদিয়ে।

Exit mobile version