কলগাছিয়াত ঈদৰ বজাৰত মানুহৰ অত্যাধিক সমাগম,চক্ৰ বিষয়াৰ অকস্মাৎ পৰিদৰ্শন, জৰিমনা আদায়

সমগ্ৰ বিশ্বব্যাপী কৰ’না মহামাৰীৰ ভয়াৱহতা মাজতে বুধবাৰে মুছলমান সম্প্ৰদায়ৰ পৱিত্ৰ ঈদ উল আজহা উপলক্ষে বিভিন্ন বস্ত ক্ৰয় কৰাৰ বাবে আজি কলগাছিয়া বজাৰত যথেষ্ঠ জনসাধাৰণ সমাগম হোৱা পৰিলক্ষিত হয়।

বেছিভাগ মানুহেই কোনো সামাজিক দূৰত্ব নাইবা মাস্ক পৰিধান নকৰা হেতুকে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱাই সাত গৰাকী ব্যক্তিক পৰা এহাজাৰ টকাকৈ জৰিমনা বিহে আৰু উপযুক্ত ৰিচিভ প্ৰদান কৰে।

বজাৰৰ সকলো দোকানী আৰু সাধাৰণ ৰাইজক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আৰু মাস্ক পৰিধান কৰিবলৈ আহ্বান জনায় কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱাই ।

Exit mobile version