কলগাছিয়াত পুখুৰীত গা ধুবলৈ গৈ এজন যুৱকৰ মৃত্যু

কলগাছিয়াৰ বালিকুৰিত পুখুৰীত গা ধুবলৈ গৈ আৰশ্বাদ আমিন নামৰ অষ্টম শ্ৰেণীৰ এজন ছাত্ৰৰ মৃত্যু ঘটে । ল’ৰাজনক পানীৰ পৰা উদ্ধাৰ কৰি জাৰাফুকা কৰে আৰু সম্পূৰ্ণ শৰীৰত ছাইৰে মালিচ কৰি সুস্থ কৰাৰ চেষ্টা কৰে। অৱশ্যে একাংশ লোকে ই এটা অন্ধবিশ্বাসৰ ব্যৰ্থ চেষ্টা বুলি কয় । পাছলৈ বেজৰ পৰিৰ্ৱতে কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও চিকিৎসাকে ল’ৰাজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে।

উল্লেখযোগ্য যে ল’ৰাজন পিতৃ-মাতৃৰ স’তে গুৱাহাটীত থাকে যদিও ঈদ উপলক্ষে কলগাছিয়াৰ বালিকুৰিত থকা পেহীয়েকৰ ঘৰত ঈদ খাবলৈ অহাত এই মৰ্মান্তিক ঘটনা ঘটে ।

Exit mobile version