ছুইছ আল্পছত হিম গলনৰ ফলত সৃষ্টি হ’ল ১২০০টা জলাশয়

2021 7largeimg20 Jul 2021 014451770

গোলকীয় উষ্ণতাৰ প্ৰভাৱ পৰিছে ছুইছ আল্পছত ! সদ্য প্ৰকাশিত এক গৱেষণাত পোৱা গৈছে যে, ১৮৫০ৰ পৰা ২০১৬ পৰ্যন্ত হিমবাহৰ দ্ৰুত গলনৰ ফলত ছুইছ আল্পছৰ কাষত ১২০০টা জলাশয়ৰ সৃষ্টি হৈছে । ছুইছ ফেডাৰেল ইনষ্টিটিউট অৱ একোৱাটিক ছায়েন্স এণ্ড টেকন’লজিৰ গৱেষণা আজি প্ৰকাশিত হৈছে ।

আৰম্ভণিতে গৱেষকসকলে ধাৰণা কৰিছিল যে, হিমবাহ গলনৰ ফলত উদ্ভূত জলাশয়ৰ সংখ্যা হয়তো শতকৰ ঘৰতে সীমাবদ্ধ থাকিব । কিন্তু এই সংখ্যাই হেজাৰো অতিক্ৰম কৰাত তেওঁলোক হতভম্ব হৈছে । গৱেষক দলটোৰ প্ৰধান ডেনিয়েৰ ওদাৰমেটে জনায়, বিগত এক দশকতে ১৮০টা জলাশয়ৰ সৃষ্টি হৈছে ।

ধাৰাবাহিকভাৱে ছুইছ আল্পছৰ হিমবাহ গলনৰ বিষয়টো দাঙি ধৰিছে ছুইছ একাডেমিক্স অৱ ছায়েন্সেও । তেওঁলোকৰ দ্বাৰা প্ৰকাশিত বাৰ্ষিক সমীক্ষাৰ ফলাফলত দেখা গৈছে, বিগত এবছৰতে হিমবাহৰ আয়তন দুই শতাংশ সংকুচিত হৈছে । এনেদৰেই হিমবাহ গলি থাকিলে পৰিস্থিতি যে কিমান ভয়ানক হ’ব তাকে ভাবি উদ্বিগ্ন হৈ পৰিছে পৰিৱেশবিদসকল । কাৰণ, হিমবাহ গলনৰ ফলত সমুদ্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগতে বহু উপকূলৱৰ্তী অঞ্চল আৰু দ্বীপ সমুদ্ৰত ডুব যাব ।

জুৰিখৰ ইটিএইচ টেকনিকেল ইউনিভাৰ্ছিটীৰ ২০১৯ৰ সমীক্ষাত পোৱা গৈছে, ২০১৫ৰ পেৰিছ চুক্তি মানি যদি উষ্ণতা বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণ কৰা হয়, তেতিয়াও অদূৰ ভবিষ্যতত আল্পাইন হিমবাহৰ দুই-তৃতীয়াংশ গলিব পাৰে ।

ছুইছ ফেডাৰেল ইনষ্টিটিউট অৱ একোৱাটিক ছায়েন্স এণ্ড টেকন’লজিৰ মূল্যায়ন অনুসৰি, ছুইছ আল্পছত হিমবাহ গলনৰ ফলত উদ্ভূত জলাশয়ৰ বিষয়টো ১৯৪৬ৰ পৰা ১৯৭৩ৰ ভিতৰত ব্যাপক বৃদ্ধি পাইছিল । সেই সময়ত প্ৰতি বছৰে গড়ে আঠটাকৈ জলাশয়ৰ সৃষ্টি হৈছিল । ইয়াৰ পাছত কিছু হ্ৰাস পায় । কিন্তু ২০০৬ৰ পৰা ২০১৬ৰ ভিতৰত গড়ে ১৮টাকৈ জলাশয় সৃষ্টি ‌হয় । এই সময়ছোৱাত অঞ্চলটোত বাৰ্ষিক জলস্তৰ বৃদ্ধি পাইছে চাৰিশ বৰ্গমিটাৰ ।

গৱেষক সংস্থাটোৱে সতৰ্ক কৰে যে, এনেদৰে এটাৰ পাছত এটা জলাশয় সৃষ্টি হৈ থাকিলে অনাগত দিনত অঞ্চলত বিপুল বন্যা হ’ব পাৰে । এনে হ’লে জনসাধাৰণ বিপদাপন্ন হ’ব পাৰে ।

Exit mobile version