‘ছেনিটাইজাৰ’ সানি কুমাৰটুলিৰ ‘সর্ববৃহৎ দুর্গা’ৰ আমেৰিকালৈ যাত্রা

Durga Idol

কৰ’না সংক্ৰমণৰ পৰিণিতত যােৱাবেলি উচ্চতা হ্রাস পাইছিল বিদেশলৈ প্রেৰণ কৰা দেৱী দুর্গাৰ মূৰ্তিৰ। সৰহসংখ্যক অঞ্চলতে যােৱাবাৰ প্রত্যক্ষ হৈছিল ছয়ৰ পৰা চাৰে ছয়ফুট উচ্চতাৰ প্রতিমা।

কিন্তু এইবাৰ কৰ’নাৰ ব্যাপক সংক্রমণৰ মাজতে কলকাতাৰ পৰা সর্ববৃহৎ আকাৰৰ দুর্গা দেৱীয়ে বাকচত বন্দী হৈ আমেৰিকাৰ ছান ফ্রান্সিছকো অভিমুখে ৰাওনা হ’ল। পটুৱাপাড়া কুমাৰটুলিৰ পৰা বিদেশ অভিমুখে যাত্ৰা কৰা এই ‘সর্ববৃহৎ আকাৰৰ দুর্গা প্রতিমাৰ উচ্চতা হৈছে ১০ ফুট আৰু প্রস্থ হৈছে ২০ ফুট।

কুমাৰটুলিৰ প্রতিমা শিল্পীসকলে অৱগত কৰা তথ্য অনুসৰি, চহৰৰ পৰা সাধাৰণতে চাৰিৰ পৰা ছয় ফুট উচ্চতাৰ দুর্গা প্রতিমা প্রতি বছৰে বিদেশলৈ প্ৰেৰণ কৰি অহা হৈছে। অৱশ্যে কোনােবা বৰ্ষত আঠ ফুট উচ্চতাৰ দুর্গা প্রতিমাও বিদেশলৈ পঠোৱা হৈছিল।

কিন্তু পূর্বে কাহানিও কলকাতাৰ পৰা ১০ ফুট উচ্চতাৰ প্রতিমা বাকচত ভৰাই সুদূৰ আমেৰিকালৈ প্ৰেৰণ কৰা হােৱা নাছিল। শিল্পী কৌশিক বসুৱে তৈয়াৰ কৰা ফাইবাৰৰ এই দেৱী প্রতিমা দেওবাৰে আমেৰিকা অভিমুখে প্রেৰণ কৰা হ’ল। প্রতিমাটো আমেৰিকাৰ ছান ফ্রান্সিছকোত দুর্গা পূজাৰ বাবে প্রেৰণ কৰা হৈছে।

মূলতঃ প্ৰৱাসী ভাৰতীয়সকলৰ বাবে প্রতি বছৰে দেৱীৰ প্রতিমা তৈয়াৰ কৰি আহিছে। কৌশিক বসুৱে। এইবাৰাে বসুৱে তেওঁৰ ষ্টুডিঅ’ত ফাইবাৰৰে দেৱী দুর্গাৰ ১০ ফুট উচ্চতাৰ বিশাল প্রতিমা তৈয়াৰ কৰি উলিয়ালে। এই প্রতিমা প্রত্যক্ষ কৰিলে কোনেও বিশ্বাস নকৰিব যে ই মৃন্ময়ী নহয়।

দশভূজাৰ প্ৰতিটো হাতত আছে। সেই অতি চিনাকি দশ অস্ত্র। শিল্পী বসুৱে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ক’ভিড-১৯ৰ নিয়ম পালন কৰি ছান ফ্রান্সিছকোলৈ প্ৰেৰণৰ পূর্বে দেৱী দুর্গাৰ এই ফাইবাৰ প্ৰতিমাত ‘ছেনিটাইজ’ কৰা হৈছিল।

বসুৱে এই সন্দৰ্ভত কয়, ‘প্রতি বছৰ ইংলেণ্ড, ডুবাই, ইটালী, ছিংগাপুৰৰ পৰা মই একাধিক অর্ডাৰ লাভ কৰি আহিছাে। এইবাৰাে দেৱীৰ প্রতিমা নিৰ্মাণৰ অৰ্ডাৰ লাভ কৰিছাে।কে’বাটাও প্রতিমা ইতিমধ্যে বিদেশলৈ প্ৰেৰণ কৰা হৈছে। মই তৈয়াৰ কৰা সর্ববৃহৎ আকাৰৰ দুর্গা প্রতিমা এইটোৱে। ‘

বসুৱে লগতে কয় যে এইবাৰ তেওঁ তৈয়াৰ কৰা মুঠ ১৫টা প্রতিমা বিদেশলৈ প্ৰেৰণ কৰা হ’ব। ছান ফ্রান্সিছকোলৈ প্ৰেৰণ কৰা দুর্গা দেৱীৰ প্রতিমাটোৰ মূল্য হৈছে ৪.৫ লাখ টকা। বসুৱে জনােৱা অনুসৰি, এইবাৰ প্রতিমাৰ মূল্য আন বছৰৰ তুলনাত অধিক হৈছে কিয়নাে এতিয়া ক’ভিড পৰিস্থিতিত জাহাজৰে বিদেশলৈ প্রতিমা প্ৰেৰণ কৰাত সমস্যাই দেখা দিছে।

ক’ভিড বিধি পালনৰ ফলতাে দেৱ- দেৱীৰ মূর্তি নির্মাণ অধিক ব্যয়বহুল হােৱা বুলি তেওঁ জানিবলৈ দিয়ে। ক’ভিড পৰিস্থিতিত কিছুদিন পূর্বলৈকে পশ্চিমবংগৰ কুমাৰটুলি অঞ্চল স্তব্ধ হৈছিল যদিও শেহতীয়াভাৱে অঞ্চলটোৰ প্রতিমা শিল্পীসকলৰ মাজলৈ পূর্বৰ পৰিচিত ব্যস্ততা উভতি আহিছে।

কুমাৰটুলিৰ প্রতিমা শিল্পীসকলে জনােৱা অনুসৰি, পূর্বৰ দৰে প্রতিমা বিচাৰি এইবেলি গ্রাহকে ভিৰ কৰা নাই যদিও ৰথযাত্ৰাৰ সময়ত কে’বাখনাে পূজা সমিতিয়ে প্রতিমাৰ অর্ডাৰ দিছিল। পশ্চিমবংগৰ বহু বাসিন্দাই নিজৰ ঘৰত দুর্গোৎসৱ পালন কৰে আৰু এইসকল লােকে শেহতীয়াভাৱে ক’ভিড পৰিস্থিতি কিছু উন্নত হােৱাৰ প্রতি লক্ষ্য ৰাখি প্রতিমা বিচাৰি শিল্পীসকলৰ স’তে যােগাযােগ কৰাত কুমাৰটুলিলৈ প্রাণ উভতি আহিছে।

সম্প্রতি অঞ্চলটোৰ মৃন্ময় শিল্পীৰ লগতে অন্যান্য ভাস্কর্য শিল্পীসকলাে দেৱীৰ প্রতিমা নির্মাণত ব্যস্ত হৈছে। শিল্পীসকলে লগতে জনােৱা অনুসৰি, এইবাৰ আকাৰত সৰু প্রতিমাৰ চাহিদা অধিক হৈছে। কৰনাৰ সংক্ৰমণৰ ফলত এইবাৰাে আড়ম্বৰপূৰ্ণ দুর্গোৎসৱ পালনৰ পৰিস্থিতি নাই। সেয়েহে দুর্গোৎসৱৰ আয়ােজকসকলেও সৰু আকাৰৰ প্রতিমাৰে পূজাৰ পৰম্পৰা পালনৰ যাে-জা চলাইছে।

Exit mobile version