পশ্চিম কলবাৰী প্ৰাথমিক বিদ্যালয় গৰাখহনীয়াৰ কবলত, খবৰ লবলৈ আহৰি নাই শিক্ষা বিভাগৰ

WhatsApp Image 2021 07 20 at 6.50.24 PM 1

কোকৰাঝাৰ জিলাৰ দোতমা শিক্ষা খণ্ডৰ অধিন পশ্চিম কলবাৰী গাওঁত থকা প্রাথমিক বিদ্যালয়টো লোঙা নৈৰ গৰাখহনীয়া কবলত।

দীৰ্ঘ দিনৰ পৰা বিদ্যালয়খন লোঙা নৈয়ে গ্ৰাস কৰি আহিছে। ইতিমধ্যে স্থানীয় ৰাইজ আৰু বিদ্যালয়খনৰ শিক্ষক সকলে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ বিভাগীয় কতৃপক্ষক বাৰম্বাৰ অবগত কৰাৰ পাছতো কোনোধৰণৰ পদক্ষেপ লোৱা হোৱা নাই বুলি গাওঁবাসীয়ে অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে যোৱাবছৰ ইতিমধ্যে গৰাখহনীয়াস্থলি কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে পৰিদৰ্শন কৰি বাহঁৰ পাৰ্কোপাইনৰ ব্যৱস্থা কৰি দিছে যদিও পাৰ্কোপাইনে প্ৰতিৰোধ কৰিব পৰা নাই গৰাখহনীয়া।

সেইবাবে আজি বিদ্যালয়খন গৰাখহনীয়াৰ কবলত পৰি নদীৰ বুকুত জাহ যোৱা পৰিলক্ষিত হৈছে। ইপিনে স্থানীয় ৰাইজে বিজেপি আৰু ইউপিপিএল নেতৃত্বাধীন মিত্রজোটৰ চৰকাৰক অতিশীঘ্রে নৈখনৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ দাবী জনাইছে। অন্যথা অলপ দিনৰ ভিতৰতেই পশ্চিম কলবাৰী গাওঁখনো গৰাখহনীয়াৰ কবলত পৰিব।

Exit mobile version