পেট্রল-ডিজেলৰ দৰে চি এন জিও ক্ষতিকাৰক, বায়ুমণ্ডলত বাঢ়িছে নাইট্রজেন অক্সাইড

blog 2

শেহতীয়াভাৱে গ্ৰীণপীচ ইণ্ডিয়াই এক প্রতিবেদনত দিল্লীসহ দেশৰ কেবাখনাে বৃহৎ চহৰত বিগত এবছৰত তুলনামূলকভাৱে নাইট্রজেন অক্সাইডৰ পৰিমাণ উর্ধ্বমুখী হােৱা বুলি উল্লেখ কৰিছিল।

কৃত্রিম উপগ্রহ জৰিয়তে লাভ কৰা তথ্য বিশ্লেষণ কৰি প্রস্তুত কৰা প্রতিবেদনত লগতে প্ৰকাশ পােৱা অনুসৰি এপ্রিল ২০২০ৰ তুলনাত এপ্রিল ২০২১ত দিল্লীৰ বায়ুমণ্ডলত নাইট্র’জেন অক্সাইড পৰিমাণ ১২৫ শতাংশৰাে অধিক বৃদ্ধি পাইছিল।

গ্রামাঞ্চলত খেতিপথাৰত অত্যধিক পৰিমাণৰ নাইট্রজেন অক্সাইড ব্যৱহাৰ কৰাৰ ফলত বায়ুমণ্ডলত ইয়াৰ পৰিমাণ উর্ধ্বমুখী হৈছে। কিন্তু বৃহৎ চহৰসমূহৰ বায়ুমণ্ডলত নাইট্রজেন অক্সাইড বৃদ্ধিৰ মূল কাৰণ হৈছে তথাকথিত নিৰাপদ তথা সেউজ ইন্ধন হিচাপে পৰিচিত চি এন জি বাহনৰ বহুল ব্যৱহাৰ।

নাইট্রজেন অক্সাইড মানৱ জীৱনৰ লগতে পৰিৱেশৰ বাবেও কার্বনডাই অক্সাইডৰ সমানে ক্ষতিকাৰক। ইউৰােপত হােৱা একাধিক স্বাস্থ্য গৱেষণাত লাভ কৰা তথ্য অনুসৰি, নাইট্র’জেন অক্সাইডৰ দ্বাৰা চালিত চি এন জি বাহনৰ পৰা নির্গত হােৱা নেন’মিটাৰ আকাৰৰ অত্যন্ত ক্ষুদ্র কণিকাসমূহ কর্কট, এলজাইমাৰৰ লগতে হাওঁফাওঁৰ বিভিন্ন ৰােগৰ অন্যতম এক কাৰক।

একাধিক অধ্যয়নত গৱেষকসকলে লাভ কৰা তথ্য অনুসৰি, পেট্রল, ডিজেলৰ দ্বাৰা চালিত বাহনৰ সমানে চি এন জি চালিত বাহনসমূহে বায়ুমণ্ডলক যথেষ্ট প্ৰদূষিত কৰিছে আৰু একে সময়তে মানৱ দেহত নানা ৰােগৰ সংক্রমণ বৃদ্ধি কৰিছে।

চি এন জি বাহনৰ সংখ্যা অধিক হােৱাৰ লগে লগে দিল্লীৰ দৰে দেশৰ কে’বাখনাে বৃহৎ চহৰত বায়ুমণ্ডলত নাইট্রজেন অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে বুলি অধ্যয়নত প্রকাশ।

Exit mobile version