প্ৰধানমন্ত্ৰীৰ সৰ্বদল বৈঠক ত্যাগ কৰিলে কংগ্ৰেছ-অকালি দলে

Modi 1622886383308 1623052473596

ৰাষ্ট্ৰীয় টিকাকৰণ নীতিক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰ্বদল বৈঠকত যোগ নিদিয়ে কংগ্ৰেছ আৰু ‌শিৰোমণি অকালি দলে । আজি সন্ধিয়া ছয় বজাৰ পৰা বৈঠক অনুষ্ঠিত হোৱাৰ আগত বিয়লি দুই বজাতে দুই দলে বৈঠকত অংশগ্ৰহণ নকৰাৰ কথা ঘোষণা কৰে ।

ৰাজ্যসভাৰ বিৰোধী দল নেতা তথা কংগ্ৰেছ সাংসদ মল্লিকাৰ্জুন খৰ্গে সাংবাদিক বৈঠকত দলীয় সিদ্ধান্তৰ কথা ঘোষণা কৰি কয়, ‘সংসদৰ বৰ্ষাকালীন অধিবেশন চলাকালীন পৃথকভাৱে সৰ্বদল বৈঠকৰ কোনো প্ৰয়োজন নাই । প্ৰধানমন্ত্ৰীয়ে যদি ক’ভিড পৰিস্থিতি আৰু টিকাকৰণ সংক্ৰান্ত কাৰ্যসূচী ব্যাখ্যা কৰিব বিচাৰে, তেন্তে লোকসভা বা ৰাজ্যসভাতে কৰা উচিত ।’ সৰ্বদল বৈঠকত কংগ্ৰেছ অনুপস্থিত থাকিব বুলি জনালেও দলৰ এই পদক্ষেপক ‘বয়কট’ বুলি নকয় খৰ্গে ।

অকালি দলৰ নেতা সুখবীৰ বাদলে অৱশ্যে স্পষ্টভাৱে কয়, ‘আমি প্ৰধানমন্ত্ৰীৰ সৰ্বদল বৈঠক বয়কট কৰিছো । কৃষি আইনক লৈ আলোচনাৰ বিষয়ত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে আমি সৰ্বদল বৈঠকত অংশ ল’ম ।’ প্ৰসংগত, নতুন তিনি কৃষি আইনৰ প্ৰতিবাদত বিগত বৰ্ষত এনডিএ-ৰ জোঁট ত্যাগ কৰিছিল অকালি দলে ।

কেন্দ্ৰৰ তৰফৰ পৰা ক’ভিড প্ৰতিষেধক সংগ্ৰহ আৰু দেশজুৰি টিংকাকৰণ কাৰ্যসূচীৰ অগ্ৰগতি সংক্ৰান্ত চূড়ান্ত পৰিস্থিতি দাঙি ধৰা হ’ব বুলি চৰকাৰী সূত্ৰৰ খবৰ । কিন্তু সংসদৰ বৰ্ষাকালীন অধিবেশন চলাকালীন লোকসভা আৰু ৰাজ্যসভাত এই বিষয়ত আলোচনা নকৰি কিয় পৃথক সৰ্বদলৰ আয়োজন কৰা হৈছে তাক লৈ সোমবাৰেই প্ৰশ্ন উত্থাপন কৰিছিল তৃণমূল, চিপিএমসহ একাধিক বিৰোধী দল ।

Exit mobile version