এইবাৰ অনুষ্ঠিত নহয় ইছলামধৰ্মীসকলৰ সমূহীয়া ঈদৰ নামাজ

সমগ্ৰ দেশৰ লগতে কাইলৈ অসমতো অনুষ্ঠিত হ’ব ইছলামধৰ্মী লোকৰ পৱিত্ৰ ঈদ উল আজহা। অনুষ্ঠিত নহ’ব সমূহীয়া ঈদৰ নামাজ আৰু সমূহীয়া পশু কোৰবানী।

পূৰ্বৰ দৰে নাই কোনো উৎসাহ উদ্দীপনা। যাৰ ফলত ৰাজ্য খনৰ আন আন ঠাইৰ লগতে কলগাছিয়া অঞ্চলৰ বহু ঈদ গাহ ময়দানত নিমাও-মাও পৰিবেশৰ সৃষ্টি হৈছে।

ঈদ গাহ ময়দানত সমূহীয়া ঈদৰ নামাজ নপঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ঈদ গাহ সমিতিসমূহে। এই ক্ষেত্ৰত চৰকাৰী নীতি-নিয়ম অনুসৰি সকলোৱে যাতে ঘৰতে নামাজ পঢ়ে আৰু ঘৰতে পশু কোৰবানী কৰে তাৰ বাবে সচেতন মহলে ৰাজ্যৰ ইছলামধৰ্মী লোক সকলক আহ্বান জনাইছে।

Exit mobile version