ক’ভেক্সিন প্ৰস্তুত কৰিবলৈ মুঠ কিমান অৰ্থ ব্যয় হয় নাজানে বিনিয়োগকাৰী ৰাষ্ট্ৰীয় সংস্থা আইচিএম‌আৰ-এ

ভাৰতত প্ৰস্তুত হোৱা প্ৰথম ক’ভিড প্ৰতিষেধক উৎপাদনৰ আনুমানিক ব্যয় কিমান তাৰ কোনো তথ্য নাই ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ (আইচিএম‌আৰ)ৰ হাতত । তথ্যৰ অধিকাৰ আইন (আৰটিআই)ৰ এক প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰীয় সংস্থাটোৱে এই কথা সদৰী কৰে ।

দুটা ৰাষ্ট্ৰীয় সংস্থা আইচিএম‌আৰ আৰু নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজি (এন‌আইভি)ৰ সহায়ত কোভেক্সিন প্ৰস্তুত কৰিছে হায়দৰাবাদৰ সংস্থা ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেড (বিবিআইএল)এ । প্ৰকাশিত এক খবৰত দাবী কৰা হয় যে, ক’ভেক্সিনৰ গৱেষণা, পৰীক্ষা আৰু উৎপাদনৰ বাবে মুঠ ৩৫ কোটি টকা বিনিয়োগ কৰিছে আইচিএম‌আৰ-এ ।

চুক্তি অনুযায়ী, প্ৰতিষেধক বিক্ৰীৰ পাঁচ শতাংশ লাভ্যাংশ আইচিএম‌আৰ-এ লাভ কৰিব বুলিও জনোৱা হৈছে প্ৰতিবেদনত । আৰটি‌আই প্ৰশ্নৰ উত্তৰত আইচিএম‌আৰ কৰ্তৃপক্ষই ৩৫ কোটি টকা বিনিয়োগৰ কথা মানি ল’লেও প্ৰতিষেধকৰ গৱেষণা আৰু উৎপাদনত কিমান টকা ব্যয় হয় জনাব নোৱাৰে ।

প্ৰসংগত, ভাৰতত প্ৰচলিত তিনিটা প্ৰতিষেধকৰ ভিতৰত কোভেক্সিনে আটাইতকৈ ব্যয়বহুল । কেন্দ্ৰ‌ই নিৰ্ধাৰণ কৰা দৰ অনুযায়ী, অক্সফ’ৰ্ড-ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াত প্ৰস্তুত ক’ভিশ্বিল্ডৰ প্ৰতিটো প্ৰতিষেধকৰ মূল্য ৭৮০ টকাতকৈ বেছি হ’ব নোৱাৰে । ৰাছিয়াত তৈৰী স্পুটনিক-ভিৰ প্ৰতিটো প্ৰতিষেধকৰ সৰ্বোচ্চ মূল্য হ’ব ১,১৪৫ টকা ।

ইপিনে, ক’ভেক্সিনৰ সৰ্বোচ্চ মূল্য হ’ব ১,৪১০ টকা (১৫০ টকা জিএছটি) । অৰ্থাৎ, বৈদেশিক বজাৰত ফাইজাৰৰ প্ৰতিষেধক যি মূল্যত বিক্ৰী হৈছে, ভাৰত বায়’টেকৰ প্ৰতিষেধকৰ মূল্য প্ৰায় তাৰ সমান্তৰাল । বিশ্বৰ তৃতীয় ব্যয়বহুল প্ৰতিষেধক হৈছে ক’ভেক্সিন ।

Exit mobile version