কৃষক-মৃত্যুৰ তথ্য নাই কেন্দ্ৰ‌ৰ

narendra singh tomar 1582536807 1600581221 1607176356 1607677449

মোদী চৰকাৰে অনা তিনি কৃষি আইনৰ বিৰোধিতা কৰি আন্দোলনত নমা কিমানজন কৃষকৰ মৃত্যু হ’ল, তাৰ কোনো তথ্য নাই কেন্দ্ৰীয় চৰকাৰৰ হাতত । ফলত তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ প্ৰশ্ন‌ই নুঠে বুলি কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে আজি সংসদত এখন লিখিত প্ৰশ্নৰ প্ৰত্যুত্তৰ দিয়ে ।

কৃষি আইনৰ বিৰোধিতা কৰি দিল্লী সীমান্তত কে’বামাহজুৰি প্ৰতিবাদ কৰি আছে কৃষকসকলে । দীৰ্ঘসময় ধৰি চলা এই আন্দোলনত ইজনৰ পাছত সিজন কৃষকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । সংসদত কৃষি মন্ত্ৰীক প্ৰশ্ন কৰা হৈছিল, আন্দোলনৰত কৃষকসকলৰ মৃত্যু সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰ অৱগত হয় নে নহয় । তেওঁ কয়, ‘এনে ধৰণৰ কোনো তথ্য চৰকাৰৰ হাতত নাই ।’

কৃষকসকলৰ আন্দোলনৰ বিষয়ক লৈ সংসদৰ ভিতৰত আৰু বাহিৰত সৰৱ হৈছে বিজেপি বিৰোধী দলসমূহ । কিন্তু চৰকাৰে জনায়, মৃত্যু সম্পৰ্কে তথ্য নথকাৰ বাবে ক্ষতিপূৰণৰ কথা বিবেচনা কৰা হোৱা নাই । কৃষিমন্ত্ৰীগৰাকীয়ে কয়, ‘কৃষক সংগঠনবোৰৰ স’তে আলোচনাৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কৃষক নেতাসকলক অনুৰোধ কৰা হৈছিল, শীতৰ সময়ত, বিশেষকৈ ক’ভিড পৰিস্থিতিত শু আৰু বৃদ্ধসকলক ঘৰলৈ উভতাই দিয়ক ।’

অৰ্থাৎ, আন্দোলনৰত কৃষকসকলৰ স্বাস্থ্যৰ প্ৰতি যে চৰকাৰে লক্ষ্য ৰাখিছে, সেই কথা বুজোৱাৰ চেষ্টা কৰিছে কৃষিমন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰীয় চৰকাৰৰ এজন বিষয়াই চৰকাৰৰ মন্তব্য ব্যাখ্যা কৰি কয় যে, আইনশৃংখলা যিহেতু ৰাজ্য চৰকাৰৰ তালিকাভুক্ত বিষয়, সেয়ে এনেধৰণৰ মৃত্যুক লৈ কেন্দ্ৰীয় চৰকাৰে কোনো তথ্য নাৰাখে ।

পঞ্জাৱৰ বিধানসভা নিৰ্বাচনত কৃষক আন্দোলনৰ বিষয়টোয়েই অগ্ৰাধিকাৰ পাব । অকালি দলে ইতিমধ্যে দাবী কৰিছে যে, আন্দোলন চলাকালীন প্ৰায় ৫৫০জন কৃষকৰ মৃত্যু হৈছে । অকালি দল ক্ষমতাত আহিলে মৃতকৰ পৰিয়ালৰ সদস্যসকলক চৰকাৰী চাকৰি দিয়া হ’ব, সন্তানৰ বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰা হ’ব । মৃত কৃষকসকলৰ পৰিয়ালবৰ্গক পাঁচ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰেন্দ্ৰ সিঙে । তেওঁ কয়, ১৯১টা পৰিয়ালক ইতিমধ্যে ক্ষতিপূৰণ দিয়া হৈছে ।

Exit mobile version